আজিৰে পৰা অম্বুবাচী মহাযোগ।
উখল-মাখল নীলাচলৰ বুকু।

আজিৰে পৰা অম্বুবাচী মহাযোগ।
উখল-মাখল নীলাচলৰ বুকু। আজি ২২ জুন দুপৰীয়া ২.৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি।২৫ জুনৰ পুৱতি নিশা ৩ বজাত নিবৃত্তি। ২৬ জুনৰ ৰাতিপুৱা খুলি দিয়া হ’ব মা কামাখ্যা ধামৰ দুৱাৰ।

নীলাচলৰ বুকুত মহা অম্বুবাচী মেলাৰ ব্যাপক প্ৰস্তুতি। উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকুত। ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা৷ ২২ জুনত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব আৰু অম্বুবাচী প্ৰবৃত্তিৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ৷

২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাছত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ’ব মন্দিৰৰ মূল দুৱাৰ৷

দেশৰ অন্যতম প্ৰাচীন শক্তিপীঠ কামাখ্যা মন্দিৰত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় যদিও আহাৰ মাহত অনুষ্ঠিত হোৱা ‘অম্বুবাচী মেলা’ আটাইতকৈ জনপ্ৰিয়। জনবিশ্বাস মতে, অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী ঋতুপ্ৰাপ্ত হয় আৰু ঋতু ধৰ্মৰ যি অশুচিতা, সেয়া কঠোৰ ভাৱে পালন কৰা হয়। এই সময় ছোৱাত অৰ্থাৎ তিনি দিন বন্ধ থাকে মন্দিৰৰ দুৱাৰ। সেই তিনি দিন দৰ্শনাৰ্থীক দৰ্শন কৰিব দিয়া নহয়। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিৰ দিনা ৰীতি – নীতিৰে দেৱীৰ স্নান পূজা আদি সম্পন্ন কৰাৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত সকলৰ বাবে খুলি দিয়া হয়। ভক্ত সকলে এই দিনটো দেৱী দৰ্শনৰ বাবে আটাইতকৈ শুভ দিন বুলি মানি আহিছে।

কামাখ্যাৰ অম্বুবাচী মেলাত ভাৰত্বৰ্ষৰ দূৰ – দূৰণিৰ পৰা বহু ভক্তৰ সমাগম হয়। দেশ – বিদেশৰ সাধু – সন্ন্যাসীৰ উপস্থিতি এই মেলাৰ বিশেষ আকৰ্ষণ। অম্বুবাচী যোগত কামাখ্যা দেৱীৰ ৰক্ত বস্ত্ৰৰ মাহাত্ম্য হিন্দু মাত্ৰেই বিদিত আছে। জন বিশ্বাসত এই ৰক্ত বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট ফল লাভ হয় আৰু এই ৰক্ত বস্ত্ৰ লগত ৰাখি আন ঠাইত জপ পূজা কৰিলেও ভক্তৰ কামনা পূৰ্ণ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top