“আজি বিহুৰ উৰুকা কাইলৈ বিহুৰ ভুৰুকা ঐ
গামোচা কাটিবৰ হ’ল ,
পুৱাতে উঠি লৈ গৰুক গা ধুৱামগৈ ঐ
তুমি দিয়া বিহুৱান লৈ… “

আজি উৰুকা… কাইলৈৰ পৰা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু।

আজি উৰুকা। কাইলৈৰ পৰা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। বিহুক আদৰিবলৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। উজনিৰ পৰা নামনিলৈ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।

চৌদিশ ৰজনজনাইছে ঢোল, পেঁপাৰ মাতে। ৰাইজাই কৰিছে দেহ-মন।

সমান্তৰালভাৱে বজাৰসমুহ ভৰিছে বিহুৰ সামগ্ৰীৰে। বজাৰসমূহত উভৈনদী হৈ পৰিছে বিহুৰ পিঠা-পনা, দৈ-চিৰা, গুৰ আৰু অন্যান্য সা-সামগ্ৰীৰে।

গৰু বিহুৰ বাবে বজাৰত উলাইছে দীঘলতী পাত, থেকেৰা, হালধি আদি। থলুৱা শিপিনীৰ গামোচাৰো বাঢ়িছে চাহিদা। অসমীয়া নৱবৰ্ষত জ্যেষ্ঠ জনৰ আশীৰ্বাদ, প্ৰিয়জনক বিহুৱান, নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰিছে অসমীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top