আঠাবাৰী চাহ বাগিছাত শ্রমিকৰ অধিকাৰৰ দাবীত আটছাৰ ধৰ্ণা

চাহ শ্রমিকসকলৰ ন্যায্য অধিকাৰৰ দাবীত অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) আঠাবাৰী উপশাখাৰ উদ্যোগত আজি আঠাবাৰী চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আয়োজন কৰা হয়। কলিয়াপানী, আঠাবাৰী ১২ নং গাঁও, দিৰৈ, আঠাবাৰী প্রাথমিক গোটৰ লগতে বহু চাহ শ্রমিকে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰে।
আটছাৰ অভিযোগ অনুসৰি, ১৯৫১ চনৰ চাহ শ্রম আইন অনুসৰি চাহ শ্রমিকসকলক প্ৰদান কৰিব লগীয়া সুবিধাবোৰ এতিয়ালৈকে বাগিচা কতৃপক্ষে প্ৰদান নকৰাত শ্রমিকসকল দুৰৱস্থাত পৰিছে। ইতিপূৰ্বে একাধিক স্মাৰক পত্র দিয়া হৈছে যদিও কোনো কার্যকৰী ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত এই ধৰ্ণা অনুষ্ঠিত হয়।

আটছাই দাবী জনোৱা সুবিধাসমূহৰ ভিতৰত প্ৰধানকৈ ৩৫১ টকাৰ দৈনিক মজুৰী বৃদ্ধি, শ্রমিকৰ আৱাসগৃহ আৰু শৌচাগাৰ সংস্কাৰ, পিএফ-গ্ৰেচুইটি বিতৰণ, স্থায়ী বদলি পদসমূহ পূৰণ, শিক্ষিত স্থানীয় যুৱক-যুৱতীক নিযুক্তি আৰু চিকিৎসা সেৱাৰ উন্নয়ন অন্তৰ্ভুক্ত।
আঠাবাৰী উপশাখাৰ সভাপতি লক্ষ্মীন্দ্র কেওঁট আৰু সম্পাদক অমন মৃধাই স্পষ্টকৈ কয় যে, যদি এই দাবীসমূহ শীঘ্ৰে পূৰণ নকৰে, আটছাই কঠোৰ আন্দোলন আৰম্ভ কৰিব। প্ৰতিবাদৰ জৰিয়তে স্মাৰক পত্র শিৱসাগৰ জিলা প্ৰশাসন, ডিমৌ আৰক্ষী থানা, সহকাৰী শ্রম আযুক্ত, আৰু অসম চাহ মজদুৰ সংঘলৈ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে।