আপোনালোকৰ সহায়ৰ হাতে এটি পৰিয়ালক ৰক্ষা পৰিব পাৰে।
তাইৰ মুখত সদায় থকা হাঁহিটো যাতে পুণৰ অক্ষুন্ন থাকে।
তাইৰ হাঁহিটো যাতে সকলোৰে মুখত প্ৰতিফলিত হয়, তাৰ বাবে প্ৰয়োজন আপোনালোকৰ সহায়ৰ হাত।
এই কৰুণ আবেদন ৰঙিয়া কুমাৰপাটাৰ এহাল পিতৃ মাতৃৰ।

দুৰাৰোগ্য থেলাছেমিয়া ৰোগত আক্ৰান্ত এটি কণমানি মৰম লগা ফুলকুমলীয়া শিশুক জীৱনদানৰ বাবে পিতৃ মাতৃৰ এই কৰুণ বিননি।
ৰঙিয়া কুমাৰপাটাৰ আব্দুল ৰাজাক আৰু ৰিমা বেগমৰ একমাত্ৰ কন্যা সন্তান জেৰিফা ওৱাহিদে দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে।
মাত্ৰ পাঁচটা বসন্ত গৰকা জেৰিফাক প্ৰতি মাহে প্ৰয়োজন তেজৰ।
সম্পূর্ণ সুস্থ কৰিবলৈ হ’লে সলাব লাগিল বোনমেৰু।
অসমত যিহেতু ইয়াৰ নিৰ্ভৰযোগ্য চিকিৎসা নাই, ইয়াৰ বাবে নিব লাগিব অসমৰ বাহিৰত।
খৰচ হ’ ব আনুমানিক ৪০ পৰা ৪৫ লাখ টকা।
দিন হাজিৰা কৰি সংসাৰ পোহপাল দিয়া পৰিয়ালটোৰ বাবে এয়া অলিক কল্পনা।
আপোনাৰ মোৰ অকুণ্ঠ সহায়ে কণমানিটিক পুণৰ সুন্দৰ এটি জীৱন দিয়াত সহায় হ’ ব।

কনমানি জনীৰ মুখত হাঁহি বিৰিঙাবলৈ SBI সোনেশ্বৰ শাখাত থকা একাউণ্ট (নম্বৰ-৩২৭৪৯৪৫৪২৯৭ IFSC-SBIN-0007038)ত নাইবা
GPay নম্বৰ ৯১২৭২৭৮২৬৬ ত দান বৰঙণি আগবঢ়াবলৈ কাতৰ আবেদন জনায় কনমানিটিৰ পিতৃ মাতৃয়ে।
