আমগুৰি-নাজিৰা বিভিন্ন অঞ্চলত প্ৰকৃতিৰ তাণ্ডৱ
ধুমুহা আৰু বৰষুণে ঘৰুৱা সম্পত্তি, বিদ্যুৎযোগাযোগ আৰু চাহ বাগিচা অঞ্চলত ব্যাপক ক্ষয়ক্ষতি

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰা আৰু আমগুৰিৰ বিভিন্ন অঞ্চলত প্ৰকৃতিৰ আকস্মিক তাণ্ডৱত জনজীৱন বিঘ্নিত হয়। মুষলধাৰ বৰষুণৰ সৈতে অহা প্ৰচণ্ড ধুমুহাই বহু পৰিয়ালৰ ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে বস্তু-বাহানি- সম্পত্তি তচনচ কৰি পেলায়।

নাজিৰাৰ বহু ঠাইত ধুমুহাৰ প্ৰচণ্ডতাত ৰাজপথৰ ওপৰত গছ বাগৰি পৰে, আন কিছুমান স্থানত গছ ভাঙি গাড়ীৰ ওপৰত পৰি যানবাহন ক্ষতিগ্ৰস্ত কৰে। বহু ঠাইত বিদ্যুৎ লাইনো বিছিন্ন হৈ পৰে।
আনহাতে আমগুৰি মহকুমাৰ অন্তৰ্গত নতুন লোণপুৰীয়া, পাতৰ গাঁও, গায়ন গাঁও, শেনচোৱা, ধেপৰ, দুলীয়া, আৰু টিফুক চাহ বাগিচাতো এই ধুমুহাই তাণ্ডৱ চলাই ব্যাপক ক্ষয়ক্ষতি সাধন কৰে। নতুন লোণপুৰীয়া, গায়ন গাঁও, পাতৰ, শেনচোৱা, দুলীয়া আৰু টিফুক চাহ বাগিচাত বহু গছ উভালি পৰাৰ লগতে বহু লোকৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ ঘটনা প্ৰকাশ পাইছে।

বিশেষকৈ শেনচোৱা আহুকলীয়া চুকত ধুমুহাৰ ফলত এটা গৃহ সম্পূৰ্ণৰূপে ভাঙি পৰে, য’ত সৌভাগ্যৱশত প্ৰাণহানি হোৱা বুলি কোনো খবৰ পোৱা গৈছে। আনহাতে, বিদ্যুৎ লাইন ছিঙি যোৱাৰ ফলত বহু অঞ্চল অন্ধকাৰাচ্ছন্ন হৈ পৰে।
ক্ষতিগ্ৰস্ত ৰাইজে এতিয়ালৈকে যথোপযুক্ত সহায় লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজে দ্রুত সহায় আৰু বিদ্যুৎ সংযোগ পুনৰুদ্ধাৰৰ বাবে প্রশাসনৰ হস্তক্ষেপ দাবী জনাইছে।