প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বনতাৰা উদ্বোধন কৰি পঞ্চমুখ হৈ পৰিছে আম্বানীৰ প্ৰশংসাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০০০ একৰ ভূমিত অৱস্থিত অভয়াৰণ্যখনত উপলব্ধ সা-সুবিধা সমূহ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। আৰু কেন্দ্ৰটোৰ বিভিন্ন জীৱ-জন্তুৰ সৈতে কিছু মুহূৰ্ত অতিবাহিত কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

গুজৰাটৰ জামনগৰত মঙলবাৰে বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ ‘বনতাৰা’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ এণ্ড ৰিলায়েন্স ফাউণ্ডেচনে স্থাপন কৰা এই বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰটোত ২০০০ৰো অধিক প্ৰজাতিৰ প্ৰাণী আৰু ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা আৰু বিলুপ্তপ্ৰায় প্ৰাণী আছে। ৩০০০ একৰ ভূমিত অৱস্থিত অভয়াৰণ্যখনত দেখি অনন্ত আম্বানীক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তেওঁ সামাজিক মাধ্যমত লিখিছে, “বন্যপ্ৰাণী সংৰক্ষণ, উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ এক অনন্য পদক্ষেপ বনতাৰা উদ্বোধন কৰো, যিয়ে বন্যজন্তুক এক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰাৰ লগতে পৰিস্থিতিগত স্থিৰতা আৰু বন্যপ্ৰাণী কল্যাণৰ নিদৰ্শন তুলি ধৰে। এই সহানুভূতিশীল প্ৰচেষ্টাৰ বাবে মই অনন্ত আম্বানী আৰু তেওঁৰ গোটেই দলটোক প্ৰশংসা কৰিছো।”

নৰেন্দ্ৰ মোডীয়ে ‘বনতাৰা’ৰ পশু চিকিৎসালয় পৰিদৰ্শন কৰি ‘বনতাৰা’ৰ সুবিধাসমূহৰো বুজ লয় ৷ য’ত এম আৰ আই, চি টি স্কেন, আইচিএউ আদিকে ধৰি বন্যপ্ৰাণী এনাস্থেচিয়া, কাৰ্ডিঅ’লজী, নেফ্ৰ’লজী, এণ্ড’স্কপী, ডেন্টিষ্ট্ৰি আৰু ইণ্টাৰনেল মেডিচিনকে আদি কৰি কেইবাটাও বিভাগ’ বনতাৰা’ত উপলব্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top