ইউক্ৰেইনৰ সন্মতি ৩০ দিনৰ যুদ্ধ বিৰতিত
আমেৰিকাৰ মধ্যস্থতাত ছৌদি আৰবত ১১ মাৰ্চ, মঙ্গলবাৰে অনুষ্ঠিত হোৱা ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ শান্তি আলোচনাৰ শেষত আহিছে কিছু আশাৰ খবৰ। ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি ইউক্ৰেইনৰ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সন্দৰ্ভত আমেৰিকান সংবাদ মাধ্যমক সম্বোধন কৰি কয়, “ইউক্ৰেইনে যুদ্ধবিৰতিৰ বাবে মাত্ৰ অলপ আগতে সন্মতি দিছে। এতিয়া আমি ৰাছিয়ালৈ অপেক্ষা কৰিব লাগিব। আশা কৰো ৰাষ্ট্ৰপতি পুটিনে সেইটোত সন্মতি দিব আৰু আমি এই বিষয়ত নতুন পথ উলিয়াব পাৰিম। এই যুদ্ধত জড়িতসকল আমেৰিকাৰ সৈনিক নহয়, তেওঁলোক ইউক্ৰেইন আৰু ৰাছিয়াৰ। কিন্তু তাৰ বাহিৰতো মানুহক হত্যা কৰা হৈছে। সেয়ে আমি যুদ্ধৰ অন্ত পেলাব বিচাৰো।” তেওঁ ইউক্ৰেইনে প্ৰাৰম্ভিক ভাৱে ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি প্ৰদান কৰাৰ এই পদক্ষেপক ডাঙৰ পদক্ষেপ আখ্যা দিছে।
ট্ৰাম্পে লগতে কয়,” মই ভাবো অভাল অফিচলৈ শেষবাৰৰ বাবে জেলেনস্কিয়ে কৰা ভ্ৰমণৰ পাছত বহু পাৰ্থক্য আহিছে। সেয়েহে যুদ্ধবিৰতিত ইউক্ৰেইনে সন্মতি দিছে। আশাকৰোঁ ৰাছিয়াই ইয়াত সন্মতি দিব। পৰৱৰ্তী সময়ত আমি তেওঁৰ সৈতে সাক্ষাৎ কৰিম। যুদ্ধ বিৰতি অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবো। যদি আমি ৰাছিয়াক যুদ্ধ বিৰতৰি বাবে সন্মত কৰিব পাৰো তেন্তে সেয়া বৰ ভাল হ’ব৷ যদি আমি সেয়া কৰিব নোৱাৰো তেন্তে এই যুদ্ধই মানুহক হত্যা কৰিব, বহুত মানুহে প্ৰাণ হেৰুৱাব।”
উল্লেখ্য যে, মঙ্গলবাৰে অনুষ্ঠিত হোৱা বৈঠকত আমেৰিকাই তাৎক্ষিক অন্তৱৰ্তীকালীন ৩০ দিনৰ যুদ্ধ বিৰতিৰ প্ৰস্তাৱ ৰাখিছিল। ইউক্ৰেইনে এই প্ৰস্তাৱলৈ সন্মতি প্ৰদান কৰি ৩০ দিনৰ যুদ্ধ বিৰতি মানি লৈছে। তাৰ পাছতে ট্ৰাম্পে এইদৰে মুকলিকৈ মন্তব্য কৰিছে। এতিয়া যুদ্ধ বিৰতিৰ গোটেই প্ৰক্ৰিয়াটো ৰাছিয়াৰ ওপৰতেই নিৰ্ভৰ কৰিছে। ৰাছিয়াৰৰ পুটিনেও যদি এই যুদ্ধ বিৰতিৰ প্ৰস্তাৱ স্বীকাৰ কৰে তেন্তে পাৰস্পৰিক সহযোগিতা আৰু সহমতৰ যোগেদি স্থায়ী শান্তিৰ বাকীবোৰ কামকাজ পৰ্যায়ক্ৰমে আগুৱাই নিব পাৰিব।