এ পি চি চিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ সঁজাতী দল।

অ’এন জি চিৰ কাম কাজকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ

শিৱসাগৰৰ ভটীয়াপাৰস্থিত অ’ এন জি চিৰ RDS 147 ৰীগত গেছ নিৰ্গমন অব্যাহত থকাৰ সময়তে বিয়লি পৰিস্থিতি নীৰিক্ষণ কৰিবলৈ উপস্থিত হয়হি এ পি চি চিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ সজাতি দল ।

গৌৰৱ গগৈয়ে ৰাইজৰ লগতে অ’ এন জি চিৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে।

অ’এন জি চিৰ কাম কাজকলৈ গৌৰৱ গগৈয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰীগটো লীজত লৈ থকা এছ কে পেট্ৰ’ লিমিটেড প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্তৰ দাবী তুলিছে।

অ’ এন জি চিৰ অসমস্থিত বিশেষজ্ঞ দল সমূহ , দিল্লী মোম্বাইৰ পৰা অহা দল ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে। তদুপৰি কেতিয়ালৈ অ’ এন জি চিয়ে গেছ নিৰ্গমন ৰোধ কৰিব তাৰ কোনো নিশ্চয়তা দিব নোৱাৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাইজৰ নিৰাপত্তা , ক্ষতিপূৰণ সুনিশ্চিত কৰাৰো দাবী তুলিছে গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীক অৱগত কৰোৱাৰ আশ্বাস গৌৰৱৰ ।

ইপিনে ৰীগৰ পৰা ওলায়েই স্থানীয় ৰাইজে অ’ এন জি চি আৰু এছ কে পেট্ৰ’ৰ বিৰুদ্ধে কৰা প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰে এ পি চি চিৰ সভাপতি জনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top