কামৰূপ জিলাৰ ভিতৰতে CBSE ফলাফলত শীৰ্ষত উজলিল চাৰ্চ পাব্লিক স্কুল

কামৰূপ জিলাৰ ভিতৰতে CBSE ফলাফলত শীৰ্ষত উজলিছে ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুল( SERS PUBLIC SCHOOL)
কালি ঘোষণা কৰা হয় CBSE বৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল । এই ফলাফলত কামৰূপ জিলাৰ বহু কেইখন আগশাৰীৰ বিদ্যালয়ৰ ভিতৰত ৰঙিয়াৰ SERS পাব্লিক স্কুলৰ ছাত্ৰই আটাইতকৈ বেছি নম্বৰ কঢ়িয়াই আনি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

বিদ্যালয় খনৰ ছাত্ৰ দৰ্শিল শ্ৰাবন্যই 97.2% শতাংশ নম্বৰ কঢ়িয়াই আনিছে,যিটো নেকি সমগ্ৰ কামৰূপ জিলাৰ ভিতৰতে বেছি আটাইতকৈ বেছি । 2024-25 বৰ্ষত 74 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ইয়াৰে 74 জনেই উত্তীৰ্ণ হৈছে ,ইয়াৰে 18 জন ছাত্ৰ ছাত্ৰী 90% ওপৰত নম্বৰ কঢ়িয়াই আনে,লগতে 25জন ছাত্ৰ-ছাত্ৰীয়ে 80-89.9 %নম্বৰ কঢ়িয়াই আনে । ইয়াক লৈ বিদ্যালয় খনত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

বিদ্যালয় খনত পূৰ্বৰ গৰিমা অটুট ৰাখি বিদ্যালয় খনে এইবেলিও এক ভাল ফলাফল কৰিবলৈ সক্ষম হয় । জিলা খনৰ ভিতৰতে এক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা বাবে বিদ্যালয় চৌহদত আজি ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকলক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় ।