গোলাঘাটত পৌৰসভাই ছীল কৰিলে Gold Cinema Hall…

৮ লক্ষাধিক টকাৰ ভাড়া অনাদায়ৰ বাবে গোলাঘাটত পৌৰসভাই ছীল কৰিলে Gold Cinema Hall…অসমীয়া চিনেমাৰ ভাল দিন ঘুৰি অহাৰ সময়তেই গোলাঘাটত অসমীয়া চিনেমা হলৰ পয়ালগা অৱস্থা।বছৰ বছৰ ধৰি গোলাঘাট পৌৰবজাৰ এলেকাৰ MMC-186 নং কোঠাত অৱস্থিত Gold Cinema Hall ত তলা উলমালে গোলাঘাট পৌৰসভাই।উল্লেখ্য যে অসমীয়া চিনেমাৰ প্ৰতি থকা আবেগৰ বাবেই ক’ভিডৰ সময়চোৱাত গোলাঘাট পৌৰসভাই মাফ কৰিছিল চিনেমা হলটোৰ বুজন পৰিমাণৰ কৰ। তাৰ পাছতো বহুবাৰ কৰ আদায় নিদি গোলাঘাট পৌৰসভাক বিপাঙত পেলাই আহিছিল চিনেমা হলটোৰ স্বত্বাধিকাৰীয়ে

আৰু অৱশেষত গোলাঘাট পৌৰসভাই উপায়ন্তৰ হৈ ছীল কৰিলে চিনেমা হলটো।স্বত্বাধিকাৰী সাগৰ গোহাঁইৰ নামত এখন জাননী আঁৰি মুঠ ৮,৪৩,১১৪ টকা আদায় নিদিয়া বুলিও উল্লেখ গোলাঘাট পৌৰসভাৰ।
