গৌৰীসাগৰত অৰুণোদয় আঁচনিৰ অনিয়মৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ তীব্ৰ প্ৰতিবাদ

অৰুণোদয় আঁচনি ৰূপায়ন প্রক্রিয়াত ব্যাপক অনিয়ম আৰু বিসংগতিৰ অভিযোগ তুলি আজি গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰতিবাদী কাৰ্যসূচীত সংগঠনৰ বহু সংখ্যক কৰ্মী আৰু সমর্থকে অংশগ্ৰহণ কৰি “অৰুণোদয় আঁচনিত দুৰ্নীতি বন্ধ কৰক”, “যোগ্য হিতাধিকাৰীক বঞ্চিত কৰা সহ্য কৰা নহ’ব” আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সংগঠনৰ নেতা-কর্মীসকলে অভিযোগ কৰে যে চৰকাৰী আঁচনিৰ যোগ্য ব্যক্তিসকলৰ নাম কৰ্তন কৰি তথা বহু যোগ্য হিতাধিকাৰীক বাদ দি ৰাজনৈতিক আৰু প্রভাৱশালী মহলৰ লোকে অবৈধভাৱে নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছে।
এই প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মূখ্য সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি কয় যে, “শাসকীয় দলৰ নেতা আৰু কিছুমান প্রশাসনিক কৰ্মচাৰীৰ গোপন মিতিৰালিৰে আঁচনিৰ অন্তৰ্গত বহু যোগ্য হিতাধীকাৰীৰ নাম কৰ্তন কৰা হৈছে। ই এক গভীৰ দুৰ্নীতি আৰু জনসাধাৰণক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ।”

প্ৰতিবাদীসকলে দাবী কৰে যে, অৰুণোদয় আঁচনিত হোৱা অনিয়মৰ সঠিক তদন্ত চলাব লাগিব আৰু উপযুক্ত ব্যক্তিসকলক হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰি অন্যায়ভাৱে নাম কৰ্তন কৰা যোগ্য হিতাধিকাৰীৰক পুনৰ অন্তৰ্ভুক্ত কৰিব লাগিব। সংগঠনে স্পষ্টভাৱে কয় যে, যদি এই আঁচনিৰ অনিয়ম অব্যাহত থাকে, তেন্তে আগন্তুক দিনত বৃহৎ প্ৰতিবাদ সংগঠিত হ’ব।