প্ৰতিযোগিতা চলিছে, প্ৰতিযোগিতা! চৰকাৰী নীতি-নিদৰ্শনাক ধূলিস্যাৎ কৰি অঘোষিত ‘গুৰু-গোসাই নমনা প্ৰতিযোগিতা’

শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত চৰকাৰী নীতি-নিদৰ্শনাক ধূলিস্যাৎ কৰি এখন অঘোষিত ‘গুৰু-গোসাই নমনা প্ৰতিযোগিতা’ চলি আছে। চৰকাৰী আঁচনিৰ নামত, বাচনি কমিটিৰ নামত স্বাক্ষৰ জালিয়াতি আৰু ভুৱা চহীৰে গাঁও-পঞ্চায়তৰ নেতা পালিনেতাই- এখন অতি লাভজনক ব্যৱসায় খুলিছে।

এই নীতি- নিদেৰ্শনাৰ ধূলিস্যাৎ প্ৰতিযোগিতাত নাম পৰিছে বিমান, জিতেন, প্ৰৱীণ, ত্ৰিদীপ, ৰমেন, ৰবীন, বিদ্যুৎ, ৰাজুৰ নিচিনা বহুকেইজন ‘স্বয়ম্ভূ’ নেতা-পালিনেতাই। এনেদৰে যদি চলি থাকে, দেশৰ ভৱিষ্যত কেলেংকাৰী আৰু দুৰ্নীতিত বিশ্বৰেকর্ড গঢ়িবলৈ বাকী নাথাকে!

গৌৰীসাগৰ অঞ্চলত কেৱল অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী নহয়, জৱ কাৰ্ড, ধৰ্মীয় অনুষ্ঠান, বিভিন্ন উন্নয়নমূলক কাম-কাজৰ নামত লুটপাট চলিছে। এই সকল নেতৃত্ব বাহিনীৰ বিৰুদ্ধে অৱশেষত ক্ষোভত জাঙুৰ উঠিছে ম’ৰাবজাৰ গাঁও পঞ্চায়তৰ অভয়পুৰীয়া গাঁৱৰ দৰিদ্ৰ ৰাইজ। এতিয়া পোহৰলৈ আহিছে নতুন কেলেংকাৰী—বাচনি কমিটিৰ নামত স্বাক্ষৰ জালিয়াতি!

ইপিনে ক্ষুব্ধ ৰাইজে অভিযোগ উত্থাপন কৰিছে যে দেওৰজা গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ড, ৰতনপুৰীয়া অঞ্চলৰ সমিতিৰ সদস্য ৰাজু শইকীয়াৰ স্বাক্ষৰ জালিয়াতি কৰি, বহু হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কাটি দিয়া হৈছে। এনে দুৰ্নীতি কাণ্ডৰ নেতৃত্বত প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি ত্ৰিদীপ নেওগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। বৰ্তমানত যাক দলীয় দুৰ্নীতি আশ্ৰয় , লুণ্ঠনৰাজ আৰু স্বাক্ষৰ জালিয়াতিৰ ‘গৌৰৱময়’ অভিজ্ঞতাসম্পন্ন ব্যক্তি হিচাপে গণ্য কৰিব পাৰি বুলিও গুৰুতৰ অভিযোগ সচেতন মহলৰ।

এই বিষয়টো উন্মোচিত হোৱাৰ পিছতেই, সমিতিৰ সদস্য ৰাজু শইকীয়াই স্বাক্ষৰ নকৰাৰ কথা ক্ষুব্ধ মহিলাসকলৰ আগত স্বীকাৰ কৰে, আৰু ত্ৰিদীপ নেওগে নিজৰ স্বাৰ্থত ভুৱা স্বাক্ষৰ জালিয়াতিৰ কৰাৰ কথা জানিবলৈ দিয়ে। ক্ষুব্ধ মহিলাসকলে ততাতৈয়াকৈ গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইপিনে অভয়পুৰীয়াত থানাত এজাহাৰ দাখিল আৰু জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে—স্বাক্ষৰ জালিয়াতিৰ আশ্ৰয় লৈ বাচনি কমিটিৰ চম্পক শইকীয়াৰ অজ্ঞাতে তেওঁৰ স্বাক্ষৰ ব্যৱহাৰ কৰি বিমান, জিতেন, প্ৰৱীণ বাহিনীৰ লুটপাট চলোৱাৰ বিৰুদ্ধে কিন্তু তদন্ত কোন পৰ্যায়লৈ গ’ল ? কি দোষৰ বাবে অভয়পুৰীয়া-ৰতণপুৰীয়া গাঁৱৰ দৰে একাংশ গাঁওৰ দৰিদ্ৰ ৰাইজে দুৰ্নীতিগ্ৰস্তকাৰীৰ বাবে ভুক্তভোগী হ’বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ ? কেনেকৈ শাসকীয় মিত্ৰজোঁটৰ নেতা-পালিনেতা দুৰ্নীতিৰ পোহাৰ মেলিবলৈ সক্ষম হৈছে?

সমগ্ৰ কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। দুৰ্নীতিগ্ৰস্তকাৰী বাহিনীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবীত বিক্ষোভ-প্ৰতিবাদৰ জোৱাৰ উঠিছে। গৌৰীসাগৰ আৰক্ষীয়ে অভিযোগ গ্ৰহণ কৰিছে যদিও, এতিয়া লক্ষ্যণীয় হ’ব যে, মুখ্যমন্ত্ৰীৰ স্মাৰ্ট আৰক্ষী তথা জিলা প্ৰশাসনে চৰকাৰী নীতি-নিদেৰ্শনা উলংঘা কৰা দুৰ্নীতিগ্ৰস্তকাৰী নায়ক সকলৰ বিৰুদ্ধে সঠিক তদন্তৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰিব নেকি? নে আকৌ ৰঙা দলিচা পাৰি দুৰ্নীতিগ্ৰস্তকাৰী বাহিনীক ৰক্ষণাবেক্ষণহে দিব ? এই লৈ ৰাইজৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top