চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ
জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ ।
তামুলপুৰ জিলাৰ খন্দিকৰত উত্তাল প্ৰতিবাদ ।

বছৰ বছৰ ধৰি ৰঙিয়াৰ পৰা কাউৰবাহা লতিবাৰী সংযোগী পথটো জহি খহি দ দ খাৱৈত পৰিণত হৈছে ।
তাৰ পিছতো চকু মুদা কুলিৰ ভাওত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ।
অৱশেষত শুকুৰবাৰে খন্দিকৰ আঞ্চলিক ABMSU ৰ নেতৃত্বত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ABMSU নেতৃত্বৰ অভিযোগ, লেহেমীয়া গতিত চলি আছে অসম মালাৰ পথ নিৰ্মাণকাৰ্য্য।
যাৰ বাবে ঠিকাদাৰ, বিটিআৰ প্ৰধান আৰু অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰীৰ ।
বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে বিটিআৰক মিনি চুইজাৰলেণ্ড বনাম বুলি কথাৰ ফুল জাৰি মাৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

কিন্তু আজিকোপতি পুখুৰী সদৃশ পথে নিৰ্মাণ কৰিব নোৱাৰিলে বুলি তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।

যাক লৈ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰৰ কাম নাই, প্ৰমোদ বড়ো মুৰ্দাবাদ, প্ৰমোদ বড়োৰ কাম নাই আদি শ্লোগানেৰে খন্দিকৰ অঞ্চল উত্তপ্ত কৰি তোলে ।