জিলা প্ৰশাসন কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন !
নাজিৰা বিহুবৰত অব্যাহত অবৈধ শিল খনন
বন বিভাগ চকু মুদা কুলিৰ ভাওত

নাজিৰা উপ-জিলাৰ বিহুবৰ শিলনীত মাজগাঁও অঞ্চলত দিনে নিশাই অবাধে শিল খনন অব্যাহত থকাৰ ফলত অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতা আৰু জৈৱ বৈচিত্ৰ্য ভয়াৱহ সংকটত পৰিছে। শিল মাফিয়াই বন বিভাগ আৰু প্ৰশাসনৰ একাংশ অসাধু কৰ্মচাৰীৰ ছাত্ৰছাঁয়াত এই অপৰাধমূলক কাৰ্য্য সংঘটিত কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে।
অবৈধ শিল খননৰ ফলত দিখৌ নৈৰ পানী প্ৰদূষিত হোৱাৰ লগতে নদীৰ প্ৰাকৃতিক জলধাৰা বিপজ্জনকভাৱে সলনি হোৱাৰ আশংকা দেখা দিছে। এই পৰিস্থিতিয়ে সমীপৱৰ্তী জনসম্পদসমূহত ভৌগোলিক আৰু সামাজিক সংকট ঘনীভূত কৰাৰ লগতে ৰাইজৰ জীৱন-জীৱিকাতো ব্যাপক প্ৰভাৱ পেলাইছে।

ইপিনে, সংবাদ মাধ্যমৰ দীৰ্ঘদিন ধৰি সংবাদ পৰিৱেশন আৰু ৰাইজৰ প্ৰতিবাদৰ পিছতো জিলা প্ৰশাসন আৰু বন বিভাগৰ নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগ আৰু জিলা প্ৰশাসনৰ একাংশ ঘোচখোৰ বিষয়াৰ পৃষ্ঠপোষকতাত শিল মাফিয়ালৈ ৰঙা দলিচা পাৰি দি বন ধ্বংস যজ্ঞ চলাবলৈ উৎসাহ যোগাই আহিছে।

একাংশ সচেতন মহলে দাবী কৰিছে যে, বৰ্তমানলৈকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে দিখৌ নদীৰ প্ৰাকৃতিক ৰূপ সম্পূৰ্ণ ধ্বংস হোৱাৰ লগতে সমগ্ৰ অঞ্চল ভয়ংকৰ বিপৰ্যয়ৰ মুখত পৰিব।