টিঙিৰীপামত পিঞ্জৰাৱদ্ধ হ’ল এটা নাহৰফুটুকী বাঘ

শিৱসাগৰ জিলাৰ টিঙিৰীপাম অভয়াপুৰীয়া গাঁ‌ৱৰ নামদাং নদীৰ কাষত আজি পুৱা পিঞ্জৰাৱদ্ধ হ’ল এটা বৃহৎ আকাৰৰ নাহৰফুটুকী বাঘ। অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা বাঘৰ উপদ্ৰৱে আতংক সৃষ্টি কৰিছিল। গৰু, ছাগলী ধৰা, ৰাতি-ৰাতি গাঁৱৰ চাৰিওফালে বিচৰণ কৰি ফুৰা বাঘৰ আতংকত নিদ্ৰা‌ত কটাইছিল বহু ৰাতি। অৱশেষত বুধবাৰে বন বিভাগ আৰু ৰাইজৰ সহযোগত বাঘটো ধৰা পৰিকল্পনা গ্ৰহণ কৰে।

বৃহস্পতিবাৰে গাঁওখনত এটা ডাঙৰ পিঞ্জৰা সংস্থাপন কৰা হয়। পিঞ্জৰাটোৰ ভিতৰত এটা মৃত গৰু সোমোৱাই ৰাখি থোৱাৰ পৰিকল্পনা আৰু বহু ৰাতিৰ অপেক্ষাৰ অন্তত আজি পুৱা প্ৰায় ৫.৩০ বজাত বাঘটো পিঞ্জৰাৱদ্ধ হয়।

ঘটনাস্থলীত বন বিভাগৰ শিৱসাগৰ ৰেঞ্জৰ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকে বাঘটোক প্রাথমিক চিকিৎসা দিয়াৰ পাছত সংৰক্ষিত বনাঞ্চলত মুক্ত কৰি দিয়াৰ সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে।

ঘটনাটোত গাঁৱৰ ৰাইজৰ মাজত এক প্ৰশান্তি আৰু আনন্দৰ পৰিৱেশ দেখা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top