টোপনিয়ে কাল হ’ল এখন নাইট চুপাৰ বাছৰ বাবে….

টোপনিয়ে কাল হ’ল এখন নাইট চুপাৰ বাছৰ বাবে । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত গুৱাহাটী অভিমুখী পথ অতিক্ৰম কৰি ডিভাইদাৰেৰে চলালে বেংগালুৰুৰ পৰা অহা AS 01 SC 8209 নম্বৰৰ বাছখন । দুৰ্ঘটনাটোল ফলত ডিভাইদাৰৰ ওপৰত থকা গছবোৰ এফালৰ পৰা মহতিয়াই গ’ল বাছখনে । ফলত চুৰ্ণ বিচুৰ্ণ হ’ল বাছখন ।

আতংকিত বাছখনৰ ভিতৰত থকা যাত্ৰীসকলৰ লগতে স্থানীয় লোকসকল । অৱশেষত বাছৰ চালকজনে প্ৰায় ২০০ মিটাৰ ডিভাইদাৰেৰে বাছ চলাই নলবাৰী অভিমুখী পথত বাছখন ৰখাবলৈ সক্ষম হল যদি পুণৰ আন এখন ডাম্পাৰত খুন্দিয়ালে । দুৰ্ঘটনাটোৰ ফলত বছখনৰ ভিতৰত থকা শিশু, মহিলা সহ কেইবাজনো গুৰুতৰভাৱে আহত হৈছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে ।

ইফালে দুৰ্ঘটনাটোৰ সুযোগ বুজি একাংশ দুৰ্বৃত্তই কেইবাজনো যাত্ৰী মোবাইল চুৰি কৰে । এই দুৰ্ঘটনাটোৰ মুল কাৰণ আছিল বাছ চালকজনৰ টুপুনী । বাছ চলাই থাকোতে হঠাৎ চালকজনৰ টুপুনী অহাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিয়ে দুৰ্ঘটনাগ্ৰস্থ বাছখনৰ চালকজনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top