ডিমৌত চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষাৰ নিম্ন মান, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ ক্ষোভ

ছাত্ৰ-ছাত্ৰীয়ে লিখিব নোৱাৰে নিজৰ নাম, দায়ী শিক্ষাগুৰু-বিষয়াৰ বিৰুদ্ধে তদন্ত আৰু শাস্তিৰ দাবী;

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ খৰাহাট উপ শাখাৰ উদ্যোগত কেইদিনমান পূৰ্বে “চলো যাঁও স্কুল” কাৰ্যসূচীৰ অধীনত এক সচেতনতা ৰেলীৰ আয়োজন কৰা হৈছিল। চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীৰ পাছত শিক্ষা ক্ষেত্ৰৰ বাস্তৱ ছবি পৰ্যবেক্ষণ কৰোঁতে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

ডিমৌ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত খৰাহাট মাজ লাইনৰ এখন বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান পৰ্যবেক্ষণ কৰোঁতে দেখা যায় যে পঞ্চম শ্ৰেণীৰ বহু ছাত্ৰ-ছাত্ৰী স্বৰবৰ্ণ-ব্যঞ্জনবৰ্ণ চিনিব নোৱাৰে, নিজ নামো লিখিব নোৱাৰে। এই অৱস্থাই শিক্ষাবিভাগ আৰু শিক্ষকসকলৰ দায়িত্ববোধৰ ফোপোলা স্বৰূপ উন্মোচন কৰিছে।

সংগঠনটোৰ নেতাসকলৰ মতে, “শিক্ষকসকলে চৰকাৰৰ পৰা নিয়মীয়াকৈ মোটা অংকৰ দৰমহা লোৱাৰ পাছতো শিক্ষা প্ৰতি উদাসীনতা দেখুৱাই শিশু সকলৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে। এই দায়িত্বজ্ঞানহীনতাৰ বাবে শিক্ষাগুৰু আৰু শিক্ষা বিভাগ দুয়ো দায়ী।”

ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে যে, চাহ বাগিচাৰ দৰে পিছে পৰি থকা অঞ্চলসমূহত শিক্ষাৰ এনে দুৰৱস্থা থাকিও শিক্ষা বিভাগে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে।

সন্থাটোৱে চৰকাৰৰ ওচৰত দাবী জনাইছে যে, ডিমৌ খণ্ডৰ অধীনত থকা সকলো বিদ্যালয়ৰ শিক্ষাৰ মান পৰ্যবেক্ষণ কৰি দায়ী শিক্ষক-বিষয়াৰ বিৰুদ্ধে তদন্তৰ জৰিয়তে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে চাহ জনজাতিৰ শিক্ষাৰ পোনপটীয়া অধিকাৰ লাভ কৰিব পৰাকৈ সুদূৰপ্ৰসাৰী আৰু ফলপ্ৰসু নীতি গ্ৰহণৰ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top