ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় বৃহৎ মেগা সজাগতা কাৰ্যসূচী….

ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় বৃহৎ মেগা সজাগতা কাৰ্যসূচী।

গুৱাহাটীঃ ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় বৃহৎ মেগা সজাগতা কাৰ্যসূচী। আগৰতলা ৰবীন্দ্ৰ ভৱনত ২৫ তাৰিখ শুকুৰবাৰে হৈ যোৱা মেগা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল
ডেভেলপমেন্ট কাউন্সিলৰ উদ্যোগত তথা ত্ৰিপুৰা ইউনাইটেড ইনডিজেনাচ ৰিভলুচনাৰি পিপুলছ কাউন্সিলৰ সহযোগত। এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে NEIDC ৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰতাপ সিঙ।

ত্ৰিপুৰা ইউনাইটেড ইনডিজেনাচ ৰিভলুচনাৰি পিপুলছ কাউন্সিলৰ সভাপতি দিলীপ দেববৰ্মা, প্ৰাক্তন আলফা সদস্য তথা ঐক্য মঞ্চৰ বিত্ত সদস্য জীৱন বৰুৱা, অসম উন্নয়ন পৰিষদৰ ‌সভাপতি মৌচম কুমাৰ উজীৰৰ লগতে ত্ৰিপুৰা চৰকাৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

এই বৃহৎ মেগা সজাগতা কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ‘শিশু সৰবৰাহ মুক্ত উত্তৰ-পূব’, ‘যুৱ নিচামুক্ত উত্তৰ-পূব’, ‘উত্তৰ-পূবত মহিলা সৱলীকৰণ’, ‘উত্তৰ-পূবত যুৱ নিযুক্তি’ আৰু ‘প্ৰাক্তন সহকৰ্মীসকলৰ পুনৰ্সংস্থাপন আৰু নিযুক্তি’ বিষয়ত সজাগতাৰ ওপৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top