দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক

দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক। কেইবাগৰাকীও আৰক্ষীৰ লোকে ধৰি-বান্ধি শৃংখলক আৰক্ষীৰ বাহনত তুলি লৈ যোৱাৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আৰক্ষীয়ে ধৰি-বান্ধি আটক কৰাৰ সময়তে শৃংখল চলিহাৰ মন্তব্য – “অসমীয়াই কেতিয়াও ভয় নকৰে। মই আজি ঘৰৰ পৰা ওলাই আহোতেই দেউতাৰ ফটোত সেৱা কৰি মাক কৈ আহিছো যে ৩,৪মাহৰ বাবে ঘৰলৈ নাহিবও পাৰো। যদি জেললৈ যাব লাগে যাম। কিন্তু অসমত অনা অসমীয়াৰ দাদাগিৰি নচলিব।”

উল্লেখ্য যে, দুলীয়াজানত আজি বীৰ লাচিত সেনাক প্ৰমুখ্য কৰি ৰাজ্যৰ ১১টা জনজাতীয় সংগঠনে জনোৱা দুলীয়াজান বন্ধৰ আহ্বানৰ প্ৰভাৱ পৰিছে চহৰখনত। এই বন্ধ ঘোষণাৰ পাছতে শুকুৰবাৰে পুৱাৰে পৰা চহৰখনৰ দোকান- পোহাৰ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি আন আন অনুষ্ঠান- প্ৰতিষ্ঠানসমূহো বন্ধ ৰখা হৈছে।

অচল হৈ আছে অইল ইণ্ডিয়া লিমিটেডৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাম- কাজ । তৈলক্ষেত্ৰলৈ অহা- যোৱা কৰা লঘু আৰু গধুৰ যান- বাহন চলাচল বন্ধ হোৱাৰ ফলত বিষয়া- কৰ্মচাৰীসকল কৰ্মক্ষেত্ৰলৈ যাব পৰা নাই।

বীৰ লাচিত সেনাৰ শৃংখল চলিহাই লগতে কয়- “থানাৰ OCয়ে পঠিওৱা প্ৰেম পত্ৰ মই একচেপ্ট কৰিছোঁ, ফ্ৰী ভাত খুওৱাজনীক গ্ৰেপ্তাৰ কৰি জেলৰ ফ্ৰী ভাত খুৱাব লাগিব”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top