দেশত হ্ৰাস পাইছে মাওবাদী কাৰ্যকলাপ, ২০২৬ ত নিৰ্মূলৰ হুংকাৰ…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাওঁপন্থী উগ্ৰবাদ সম্পূৰ্ণ ৰূপে নিৰ্মূলৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চত নিৰ্ধাৰণ কৰাৰ এবছৰ পাছতে এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) সম্পূৰ্ণ ৰূপে নিৰ্মূলৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চত নিৰ্ধাৰণ কৰাৰ এবছৰ পাছতে এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে।
মাওবাদী কাৰ্যকলাপ হ্ৰাসৰ ক্ষেত্ৰত কেন্দ্ৰীয় ৫০য় গৃহমন্ত্ৰণালয়ে বিশেষ সফলতা অৰ্জন কৰিছে।
গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰণ কৰা সময়তকৈ এবছৰ আগতেই দেশত নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা উল্লেখযোগ্য ভাৱে হ্ৰাস পাইছে। দেশজুৰি ৯ খন ৰাজ্যৰ ৩৮ খন জিলাৰ পৰিৱৰ্তে বৰ্তমান কেৱল ৭ খন ৰাজ্যৰ ১৮ খন জিলাতহে এই সমস্যাৰ প্ৰভাৱ আছে। এল ডব্লিউ ইৰ প্ৰভাৱত থকা সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সংখ্যা ১২ৰ পৰা ৬লৈ হ্ৰাস পাইছে। এই ৬ খন জিলা চাৰিখন ৰাজ্যত বিস্তৃত হৈ আছে। আনহাতে, ‘উদ্বেগৰ জিলাসমূহ’ – য’ত উগ্ৰপন্থীৰ কাৰ্যকলাপ নগণ্য কিন্তু সুৰক্ষা বাহিনীয়ে পৰিস্থিতি মনিটৰিং কৰি আছে তাৰ সংখ্যাও ৯ৰ পৰা ৬লৈ হ্ৰাস পাইছে।
গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰশংসা কৰি X (এক্স) ত লিখিছে, “নক্সাল মুক্ত ভাৰত গঠনৰ দিশে আগুৱাই, আমাৰ দেশে আজি এক গুৰুত্বপূর্ণ মাইলফলক অতিক্ৰম কৰিছে। এল ডব্লিউ ই প্ৰভাৱিত জিলাৰ সংখ্যা কেৱল ৬ খন লৈ হ্ৰাস পাইছে। মোদী চৰকাৰ সুৰক্ষিত, শক্তিশালী আৰু সমৃদ্ধ ভাৰত নিৰ্মাণৰ বাবে নক্সালবাদৰ প্ৰতি কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে। তেওঁ ৩১ মাৰ্চ, ২০২৬ৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব বুলিও দোহাৰিছে।