৭ মে’ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰিজাইডিং বিষয়া, নিৰাপত্তাৰক্ষীসহ পুলিং বিষয়াসকল ৰাওনা

ৰঙিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হবলৈ ধৰিছে নিৰ্বাচনী বিষয়া সকল ।

ৰঙিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হবলৈ ধৰিছে নিৰ্বাচনী বিষয়া সকল । ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টিটোৰ ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হ’ল নিৰ্বাচনত নিয়োজিত বিষয়া সকল । ০৭ মেত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ৰঙিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মঙ্গলবাৰে প্ৰিজাইডিং বিষয়া, নিৰাপত্তাৰক্ষীসহ পুলিং বিষয়া সকল ৰঙিয়া সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হয় ।

ৰঙিয়া সম জিলা আয়ুক্ত প্ৰশাসনে ৰঙিয়া বিধানসভা সমষ্টিত ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে ৰঙিয়া সম জিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিত মুঠতে ২৬৫ টা ভোট কেন্দ্ৰৰ স্থাপন কৰা হৈছে । সমষ্টিটোৰ ৪ টা জিলা পৰিষদ, ২৫ টা পঞ্চায়ত, ২৬৫ টা পুলিং ষ্টেচন আছে ।

৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা মুঠ ১,৮৬,৯৩৯ জন ভোটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব । য’ত মুঠ ভোটাৰৰ ভিতৰত ৯৫,১৭৫ জন পুৰুষ আৰু ৯১,৭৫৩ গৰাকী মহিলা আৰু অন্যান্য ৮ গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top