নগাঁৱত নকল সোণৰ নাও সহ দুজনক গ্ৰেপ্তাৰ…

নগাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি বিয়লি নগাঁও চহৰৰ খুটিকটীয়া – বৰভেটি সংযোগী পথত দুখন নকল নাওসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই এই সফলতা লাভ কৰে। আৰক্ষী সুত্ৰৰ পৰা জনা মতে বিহাৰৰ দুজন লোকক নকল সোণৰ নাও বিক্ৰী কৰাৰ প্ৰস্তুতি চলোৱাৰ থাকোতেই আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ী যুৱক দুজনক গ্ৰেপ্তাৰ কৰে। নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হেৰাপট্টীৰ বাহাৰুল ইছলাম (২৪) আৰু ৰচিদুল হক (২৬) নামৰ নকল সোণৰ ব্যৱসায়ী দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে।
উল্লেখ যে এই দুই যুৱ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি নকল সোণৰ ব্যৱসায় কৰি বহি: ৰাজ্যৰ একাংশ লোকক প্ৰৱঞ্চনা কৰি আহিছে।