পঞ্চায়ত নিৰ্বাচন ২০২৫, আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে – তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি।
অহা ২ মে’ আৰু ৭ মে’ত অসমৰ ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনৰ ফলাফল ১১মে’ ঘোষণা কৰিব ৷ প্ৰায় ১.৮কোটি ভোটাৰে ভোটদান কৰিব।
অহা ২মে’ত ১৪খন আৰু ৭মে’ ত ১৩ খন জিলাৰ পঞ্চায়ত ২১৯২০টা গাঁও পঞ্চায়তৰ সদস্য,২১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭ টা জিলা পৰিষদৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ২১৯২০জন নিৰ্বাচিত গাওঁ পঞ্চায়ত সদস্যৰ মাজৰ পৰা ২১৯২খন গাওঁ পঞ্চায়তৰ ২১৯২জন সভাপতি আৰু ২১৯২জন উপসভাপতি নিৰ্বাচন কৰিব ৷ ইয়াৰে ৯২৭০ খন মুক্ত আসন। এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০৮৮৩ খন।
এই বাৰ নিৰ্বাচনত প্ৰতীকত ৰাজনৈতিক দলৰ প্ৰতীক নাই ৷ তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ সদস্য ২১৯২জন আৰু জিলা পৰিষদৰ ৩৯৭জনহে ৰাজনৈতিক দলৰ প্ৰতীকত নিৰ্বাচন খেলিব ৷ ইতিমধ্যে জিলা পৰিষদৰ ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে এন ডি এ প্ৰাৰ্থী। ইয়াৰে ৩৫ খনত বিজেপিৰ প্ৰাৰ্থী আৰু দুখন জিলা পৰিষদ আসনত অগপ প্ৰাৰ্থী জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত ২৫৯ খনত বিজেপি আৰু ২৯ খন অগপৰ দখললৈ গৈছে। এ আই ইউ ডি এফে আঞ্চলিক পঞ্চায়তৰ এখন আসন, নিৰ্দলীয়ই ১৩ খন আৰু কংগ্ৰেছে ৯ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বুলি জানিব পৰা গৈছে।
দ্বিতীয় পৰ্যায়ত ৭ মে’ত অনুষ্ঠিত হ’ব ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া জিলা কেইখন ক্ৰমে ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।