পশ্চিম কাৰ্বি আংলঙত বিজেপিৰ গৰাখহনীয়া…
খেৰণিত বিজেপি-এপিএইছএলচি দলৰ শতাধিক নেতা-কৰ্মীৰ দল ত্যাগ, কংগ্ৰেছত যোগদান

পশ্চিম কাৰ্বি আংলং জিলাৰ ৭ নং কপিলী পৰিষদীয় সমষ্টিৰ বিজেপি আৰু আঞ্চলিক দল এপিএইছএলচিৰ শতাধিক পুৰুষ-মহিলাই আজি খেৰণিস্থিত দলীয কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদান কৰে ৷ কপিলী মহিলা মণ্ডল কংগ্ৰেছৰ নৱ- নিযুক্তি সভানেত্ৰী লাৰ্টা ৰংপিপীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমষ্টিতোৰ বিভিন্ন প্ৰান্তৰ পুৰুষ-মহিলাই নিজ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে ৷

যোগদান কাৰ্যসুচীত জিলা কংগ্ৰেছৰ অস্থায়ী ভাৰপ্ৰাপ্ত জিলা সভানেত্ৰী এলিছ ইংতিপী, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী চনাম টিমুংপী, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি প্ৰমুখ্যে জিলা কংগ্ৰেছৰ বহু কেইগৰাকী নেতাই অংশ গ্ৰহন কৰি দল ত্যাগি নেতা- কৰ্মীক আদৰণি জনায় ৷ ইপিনে, শাসনাধীস্থ বিজেপিৰ একাংশ পুৰুষ-মহিলাই বিজেপি আৰু এপিএইছএলচি দলৰ প্ৰতি আস্থা হেৰুৱাই আজি শতাধিক পুৰুষ-মহিলাই দলে-বলে কংগ্ৰেছত যোগদান কৰে ৷
