“পাকিস্তানক সমৰ্থন কৰাৰ বাবে ৪০ জনক আটক কৰিব পাৰোঁ, গৌৰৱ গগৈ কোন?”

সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা বিষয়কলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণাত্মক তীব্ৰ বাণ
অব্যাহত ৰাখিছে । দেওবাৰে জাগীৰোডত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাটো অপৰাধ।
” পাকিস্তানক সমৰ্থন কৰাৰ বাবে যদি আমি চল্লিছ জনক আটক কৰিব পাৰোঁ, গৌৰৱ গগৈ কোন?তেওঁ মোৰ কাৰনে ভগবান নহয়।”
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, “আমিতো ইয়াত ল’ৰাধেমালি কৰা নাই। গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিব, পাকিস্থান গৈছে নে নাই। ল’ৰা ছোৱালীক সুধি নাগৰিকত্ব পৰিবৰ্তন কৰিছিল নে নিজে নিজে পৰিবৰ্তন কৰিছিল, তেওঁৰ পৰিবাৰে ১৯ বাৰকৈ কিয় পাকিস্থানলৈ গৈছিল। আৰু যদিহে উত্তৰ দিব নোৱাৰে, তেন্তে আমি উত্তৰ লবলৈও জানো। আইন ব্যৱস্থা আছে। পাকিস্থান যোৱাতো মোৰ দৃষ্টিত অপৰাধী, আৰু অপৰাধী সদায় অপৰাধী। পাকিস্থানত কোনো কাজিৰঙা নাই, কোনো মানাহ নাই, তেন্তে গৌৰৱ গগৈ কাৰ ঘৰলৈ গৈছিল” বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। ইয়াৰ উত্তৰ গৌৰৱ গগৈয়ে দিব লাগিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।