পুনৰ বহি:ৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক। তামিলনাডুৰ পৰাই নিৰুদ্দেশ ৰঙিয়াৰ যুৱক ।

তামিলনাডুৰ শিৱকাছিৰ এটি কোম্পানীত কৰ্মৰত ৰঙিয়াৰ ২৭,বছৰীয়া মজিবুৰ ৰহমান নামৰ যুৱকজন।
যোৱা জানুৱাৰী মাহৰ ১০তাৰিখে মাতৃলৈ ফোন কৰিছিল মজিবুৰ ৰহমানে ঘৰলৈ আহিব বুলি কিন্তু আজিলৈ ৰহস্যজনক ভাবে নিৰূদ্দেশ হৈ আছে ৰঙিয়াৰ যুৱকজন।
এই ঘটনাক লৈ নিৰুদ্দিষ্ট মজিবুৰ ৰহমানৰ ঘৰত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।
মাতৃলৈ আন্তিমটো ফোন কৰি কলৈ গল মজিবুৰ ৰহমান, নে কোনোবা দুষ্টচক্ৰৰ কৱলত পৰিছে সেয়ে এতিয়া পৰিয়ালটো চিন্তাত ভাগি পৰিছে।