এইবাৰ পৰিয়াল আৰু আত্মীয়ৰ ঘৰত চুৰি কাৰ্য ড্ৰাগছ আসক্ত যুৱকৰ….

ৰঙিয়াৰ মলোখাটত ড্ৰাগছ আসক্ত যুৱকক ৰাইজে উত্তম মাধ্যম শোধাই ৰঙিয়া আৰক্ষীক গতালে ।

ঘটনাৰ বিৱৰণী অনুসৰি, ড্ৰাগছ আসক্ত যুৱক মইনুল হকে মলোখাত গাঁৱত দীৰ্ঘদিনে চুৰি কাৰ্য সংঘটিত কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছে ।

ড্ৰাগছ আসক্ত মইনুৰ পৰা বাচি যোৱা নাই নিজৰ পৰিয়াল তথা আত্মীয় ।

অৱশেষত ড্ৰাগছ সেৱন কৰিবলৈ নিজৰ মাহীয়েকৰ সোণ ৰূপৰ অলংকাৰ চুৰি কৰে ড্ৰাগছ আসক্ত মইনুল হক নামৰ যুৱকজনে ।

বুধবাৰে স্থানীয় ৰাইজে গাঁওখনত হৈ থকা চুৰি কাণ্ডত জড়িত থকাৰ সন্দেহত উত্তম মাধ্যম সোধাই মইনুল হকক

ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি এটা এটাকৈ স্বীকাৰ কৰিলে চুৰি কাৰ্য সংঘটিত কৰি ড্ৰাগছ সেৱন কৰাৰ কথা ।

লগতে মাহীয়েকৰ পৰা চুৰি কৰা সোণ ৰূপৰ অলংকাৰৰ অকল ৰূপৰ অলংকাৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাইজে ।

বাকী চুৰি হোৱা সোণ ৰঙিয়া নগৰৰ এখন স্বৰ্ণ বিপনীত বিক্ৰী কৰা বুলি স্বীকাৰোক্তি দিয়ে ।

ইফালে ৰঙিয়াৰ বালাগাঁৱৰ কোন এইগৰাকী ড্ৰাগছ মাফিয়া যাৰ নাম কলা ।

ৰঙিয়াত এতিয়া কলাই চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেয়া ।

আৰক্ষীয়ে ড্ৰাগছ আসক্ত মইনুল হকক টোপ হিচাপে ব্যৱহাৰ কৰি কুখ্যাত ড্ৰাগছ মাফিয়া কলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব নে সেয়া সময়ত হে হব লক্ষণীয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top