বটদ্ৰৱা আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্রতিষ্ঠানৰ এটা প্ৰবঞ্চক
ধৃত প্ৰবঞ্চকটোৰ নাম ইলিয়াছ ৰহমান, ঘৰ বটদ্ৰৱাৰ ভেৰভেৰীত।

গ্ৰাম্যাঞ্চলৰ একাংশ দৰিদ্ৰ মহিলাৰ পৰা ধন জমা লৈ লুন্ঠন চলাই আহিছিল প্ৰবঞ্চকটোৱে।
আমিনা হাজৰিকা নামৰ এগৰাকী দ্বিবাংগ মহিলাৰ পৰা ধন জমা লৈ লুন্ঠন চলোৱাৰ চেষ্টা কৰাৰ অভিযোগত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মহিলা গৰাকীয়ে।
মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে ধৃত প্ৰবঞ্চকটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।
উল্লেখ্য যে ছাকিল ছেলফ হেলফ গোপ নামৰ ভূৱা বিত্তীয় প্ৰতিষ্ঠান খুলি শ শ ৰাইজৰ পৰা লাখ লাখ টকা লুণ্ঠন চলাইছিল ধৃত ইলিয়াছ আহমেদে।