বায়টেকনলজিত শীৰ্ষস্থানেৰে সোণৰ পদক লাভ শিৱসাগৰৰ ৰাজশ্ৰীৰ
বায়টেকনলজি বিভাগত বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি সোণৰ পদক লাভ শিৱসাগৰৰ ৰাজশ্ৰীৰ। ৰাইজৰ অভিনন্দন।

শিৱসাগৰ জিলাৰ ৰূপহীমুখ গাঁৱৰ গৌৰৱ ৰাজশ্ৰী দাসে যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ বায়টেকনলজী বিভাগত স্নাতকোত্তৰ পৰীক্ষাত ৯০.৮৪% নম্বৰ অৰ্জন কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান লাভ কৰাৰ লগতে সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰাজশ্ৰী দাস, ৰূপম জ্যোতি দাস আৰু বিনীতা হাজৰিকা দাসৰ জ্যেষ্ঠ কন্যা, নিজৰ এই সফলতাত যথেষ্ট আনন্দিত বুলি মত প্ৰকাশ কৰিছে। তেওঁৰ এই কৃতিত্বত অঞ্চলবাসীৰ লগতে বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বন্ধু-বান্ধৱীৰ মাজতো আনন্দৰ উল্লাহ পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ৰাজশ্ৰীয়ে নিজৰ পিতৃ কৰ্মৰত চৰকাৰী বিদ্যালয় বনগাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাতো কৃতিত্বৰে উত্তীৰ্ণ হৈছিল। বহু শিক্ষকে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত পঠিয়োৱাৰ সময়ত পিতৃ ৰূপম জ্যোতি দাসে ৰাজশ্ৰীক নিজৰ বিদ্যালয়তেই নামভৰ্তি কৰাইছিল। ৰাজশ্ৰীৰ এই সফলতাই চৰকাৰী বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ প্ৰমাণ স্বৰূপ।
পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ একনিষ্ঠ সহায়ত ৰাজশ্ৰীয়ে এই সফলতা অর্জন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰঙালী বিহু উপলক্ষে গৃহলৈ অহা ৰাজশ্ৰীক গাঁওবাসীয়ে উষ্ম অভিনন্দন জনাইছে আৰু তেওঁৰ আগন্তুক জীৱনযাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।