দিচাংমুখত বিধায়কৰ প্ৰতিশ্ৰুতি— মুখৰ কথা, কাম নাই!দুখীয়া ৰাইজৰ-অশ্ৰু বিধায়কৰ চকুত নপৰে নেকি?বিধায়ক হোৱাৰ পাছৰ পৰা অখিল গগৈ দিচাংমুখত অদৃশ্য!

শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ লগতে দিচাংমুখৰ ৰাইজৰ মাজতো প্ৰতিশ্ৰুতিৰ বন্যা বুৱালে, কিন্তু আজিলৈকে কোনো সমস্যাৰ স্থায়ী সমাধান নাপালে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু তেওঁৰ দলে বহু প্ৰতিশ্ৰুতি দিছিল— বিশেষকৈ দিচাংমুখত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হব বুলি ৰাইজক আশ্বাস দিছিল। কিন্তু চাৰিবছৰ অতিক্ৰম হোৱাৰ পাছতো সেই পানী যোগান আঁচনি সম্পূৰ্ণ নহ’ল।

দিচাংমুখত বিশুদ্ধ পানীৰ অভাৱ কোনো নতুন সমস্যা নহয়। পূৰ্বৰ কেইবাখন চৰকাৰৰ দিনৰে পৰা সমস্যাটো চলি আছে, কিন্তু বিধায়ক গগৈ এই বিষয়ে বিশেষ গুৰুত্ব নিদিয়ে বুলি অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ অভিযোগ মতে, “মাজে মাজে প্ৰতিশ্ৰুতিৰ বৰষুণ নামে , কিন্তু সেই বৰষুণত পানীৰ ঠাইত শুকান কথা গজি উঠে।”
দিচাংমুখৰ ৰাইজৰ মতে, “ভোটৰ সময়ত প্ৰতিশ্ৰুতি দিয়া অখিল গগৈ আজি দিচাংমুখত ক’ত?” বিধায়ক গগৈ ভোটৰ পিছত দিচাংমুখৰ সমস্যাবোৰ সমাধান নকৰি, আন আন জিলাত নিজৰ দলৰ প্ৰচাৰ কৰাত ব্যস্ত। যেন শিৱসাগৰৰ বিধায়ক নহয়, নিৰ্বাচনী পৰ্যটক!

দুখীয়া ৰাইজৰ হাঁহি-অশ্ৰু বিধায়কৰ চকুত নপৰে নেকি? দিচাংমুখৰ ৰাইজৰ অভিযোগ— “যিজন বিধায়ক দুখীয়াৰ দুখ বুজাৰ ভাষণ দিয়ে, তেওঁলোকৰ পানীৰ সমস্যা সমাধান কৰিব পৰা নাই কিয়?” বিশুদ্ধ খোৱা পানীৰ অভাৱত বহু পৰিয়ালক দূৰ দূৰণিৰ পৰা পানী কঢ়িয়াব লগা হৈছে। দুখত পৰি ৰাইজৰ মন্তব্য— “যিজন বিধায়ক শিৱসাগৰতে উপস্থিত নথাকে, দুখীয়াৰ দুখ নুবুজে, তেওঁ ভোটৰ যোগ্য নে?”
আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক গগৈৰ পুনৰ জয় সন্দেহজনক বুলি দিচাংমুখৰ বহু ৰাইজৰ মত। “শিৱসাগৰৰ লোকৰ সমস্যা সমাধান কৰিব পৰা, ৰাইজৰ লগত থাকিব পৰা, যোগ্য মানুহজনকহে বিধায়ক বনাব লাগে” বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে।

“দিচাংমুখৰ ৰাইজৰ স্পষ্ট মত— খালী প্ৰতিশ্ৰুতিত নহয়, বাস্তৱতে কাম কৰা ব্যক্তিকহে নিৰ্বাচিত কৰিব!”
