বিয়া নামেৰে উদুলি মুদুলি শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এক ঐতিহাসিক প্ৰয়াস হাতত লৈছে একাংশ মহিলাই….

বিহু আৰু ঝুমুৰৰ পাছত এতিয়া অসম ৰেকৰ্ডছ অফ বুকছত নাম খোদিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে এই মহিলাসকলে।
চৰকাৰী পৃষ্ঠপোষকতা নোহোৱাকৈয়ে বিয়া নামৰ জৰিয়তে অসম বুকছ অফ ৰেকৰ্ডছত নাম তুলিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে শিৱসাগৰ জিলাৰ একাংশ মহিলাই।
ৰঙালী বিহুৰ আগতে ১২ হাজাৰৰো অধিক মহিলাই একেলগে বিয়া নাম পৰিবেশন কৰি নতুন এক ৰেকৰ্ড সৃষ্টি কৰিবলৈ উদ্যোগী হৈছে।

শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ নেতৃত্বত আৰু ডিমৌ আঞ্চলিক সন্মিলিত মহিলা সমাজৰ সহযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাই একেলগে বিয়া নাম পৰিবেশন কৰিব।
শিৱসাগৰ জিলাৰ গৌৰীসাগৰত শতাধিক মহিলাই একত্ৰিত হৈ আখৰাত অংশগ্ৰহণ কৰিছে।
সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমীয়া লোক সংস্কৃতিৰ এক অংগ বিয়া নামক জীয়াই ৰখা আৰু ইয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এইসকল মহিলাই এই প্ৰচেষ্টা হাতত লৈছে।

এই উদ্যোগে অসমীয়া সংস্কৃতিৰ ঐতিহ্যক সজীৱ ৰাখিবলৈ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।