বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত

আলফাত যোগদান কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত।

কিছুদিন পূৰ্বে ৰঙিয়াত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক এক ঘটনাৰ বাবে আঁঠু কঢ়াই ক্ষমা খুজিব দি ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত এৰি দিছিল ।

তাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দলে এই নিতু আহমেদ ওৰফে নিতু অসমৰ ওপৰত গোচৰ ৰুজু কৰিছিল ৰঙিয়া আৰক্ষী থানাত ।

তাৰপাছতে আৰক্ষীয়ে বিচাৰি আছিল এইজন যুৱকক ।

তাৰ মাজতে যোৱাকালি ফেচবুকত আলফাত যোগদান কৰিব গৈ আছে বুলি পষ্ট দিয়ে তেওঁ ।

আলফাত যোগদান কৰাৰ কথা স্পষ্টভাৱে ফেচবুকযোগে লিখে এইজন নেতাই।

আজি ৰঙিয়া আৰক্ষীৰ এটা দলে তেওঁক গোলাঘাট জিলাৰ বোকাখাটৰ পৰা আটক কৰে ।

বৰ্তমানে আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top