বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱালে পাকিস্তানী সেনাৰ বাহন..নিহত ১২ জন পাকিস্তান সেনাৰ জোৱান

বেলুচিস্তান প্ৰদেশত পাক সেনাৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ

বেলুচিস্তান প্ৰদেশত পাক সেনাৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ। বিগত সপ্তাহত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তান প্ৰদেশত সংঘটিত কৰা দুটা পৃথক কাণ্ডত ১০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি কৰ্তৃপক্ষই সদৰি কৰিছে।

বেলুচিস্তান প্ৰদেশত পাক সেনাৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানত স্বাধীনতাৰ বাবে যুঁজি থকা বিচ্ছিন্নতাবাদী গোট বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই ঘটনাত পাকিস্তান সেনাৰ ১২ জন জোৱান নিহত হয়।

এই বিস্ফোৰণত বিশেষ অভিযানৰ অধিনায়ক তাৰিক ইমৰাণ আৰু চুবেদাৰ উমৰ ফাৰুকো নিহত হয়।বিস্ফোৰণত সেনাৰ বাহনখনো ধংসস্তুপত পৰিণত হয়।

এই ঘটনাৰ পাছতে বিএলএই য়ে পাকিস্তান সেনাৰ জোৱান আৰু নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লয়। বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে বিগত সময়তো পাকিস্তান সেনাৰ জোৱান আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি এনেধৰণৰ আক্ৰমণ চলাইছিল।

উল্লেখ্য যে, বিগত সপ্তাহত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তান প্ৰদেশত সংঘটিত কৰা দুটা পৃথক কাণ্ডত ১০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, মাৰ্চ মাহত কুৱেটৰ পৰা পেছাৱাৰলৈ ৪৪০ জন যাত্ৰী কঢ়িয়াই অনা জাফৰ এক্সপ্ৰেছক বিএলএৰ বিচ্ছিন্নতাবাদীয়ে অপহৰণ কৰিছিল, য’ত ২১ জন সাধাৰণ নাগৰিক আৰু চাৰিজন জোৱান নিহত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top