ব্ৰক্ষ্মপুত্ৰৰ চুইচ গেট ভাগি পানীৰ ঢল.. শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত বানৰ আশংকা

পানীৰ প্ৰৱাহ বৰ্তমানেও অব্যাহত। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

ব্ৰক্ষ্মপুত্ৰ নদীৰ জলস্তৰ কালি বিয়লি পৰাই ক্ৰমান্বয়ে বৃদ্ধি হৈ থকাৰ মাজতে আজি কাহিলী পুৱা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভগা অঞ্চলত ভাগি পৰে ব্ৰক্ষ্মপুত্ৰৰ এটি গুৰুত্বপূৰ্ণ চুইচ গেট। এই চুইচ গেটখন ভাগি যোৱাৰ ফলত নদীৰ পানী সোঁত ভৰি পৰিছে কৃষিভূমি আৰু জনবসতিপূৰ্ণ এলেকালৈ।

চুইচ গেট ভাঙি পৰাৰ লগে লগে পানীৰ তীব্ৰ ঢল কোঁৱৰপুৰ মৌজাৰ বহু কৃষিভূমিত ভৰি পৰিছে। বহু ঘৰত ইতিমধ্যে পানী সোমাই পৰাৰ খবৰ আহিছে। গাঁওবাসীৰ ভাষ্য অনুসৰি, যদি অচিৰেই চুইচ গেটখন মেৰামতি কৰি পানী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয়, তেন্তে অঞ্চলটোৰ লগতে সংলগ্ন বিস্তৃত এলেকাসমূহ সম্পূৰ্ণৰূপে বানৰ কৱলত পৰিব।

তেওঁলোকৰ অভিযোগ, বানৰ সম্ভাৱনা আগতীয়াকৈ অনুমান কৰি চুইচ গেট আৰু নদীনিৰ্মাণ সম্পৰ্কীয় সুৰক্ষামূলক ব্যৱস্থা পূৰ্বে লোৱা নহ’ল। ফলস্বৰূপে আজি এই বিপদৰ সন্মুখীন হ’ব লগা হৈছে।

স্থানীয় কৃষিজীৱি ৰাইজে কয় যে, “চুইচ গেটখন বহু দিন ধৰি অযত্ন অৱস্থাত আছিল। বহুদিন ধৰি প্ৰশাসনক অৱগত কৰি থকা হৈছিল, কিন্তু কোনো প্রতিক্ৰিয়া পোৱা নাছিলোঁ। আজি ইয়াৰ ফল ভোগিছে সমগ্ৰ গাঁওবাসীয়ে।” “এইসময়ত যদি বানৰ সঠিক ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে কোঁৱৰপুৰ মৌজা আৰু সংলগ্ন অঞ্চলসমূহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ’ব।”এই দুৰ্যোগৰ পটভূমিত দ্রুত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে স্থানীয় লোকসকল, লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ তৎকালীন উদ্ধাৰ আৰু সহায়-সহযোগৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে।

আনহাতে, ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ যদি এনেদৰে বৃদ্ধি পায় আৰু গেটৰৰ পুনৰ নিৰ্মাণ আৰু সংৰক্ষণ কাম তৎকালীনভাৱে নকৰছ, তেন্তে বৃহৎ পৰিসৰৰ বানৰ আশংকা অতিক্ৰম কৰিব তাক নুই কৰিব নোৱাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top