মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ….
ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যপক প্ৰচাৰ বিজেপিৰ

মন্ত্ৰী পিয়ুষ হাজৰিকাই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলায় ।
ৰঙিয়াৰ তৰণি মিনি ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে

আনহাতে মুখ্যমন্ত্ৰীৰ পাছত আজি মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংসদ গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নাগৰিক নহয় বুলি কয়
গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কয় যে সাংসদ গৌৰৱ গগৈয়ে এতিয়ালৈ পাকিস্থান ভ্ৰমণ সন্দৰ্ভত এটাও শব্দ কোৱা নাই । গতিকে নিশ্চিত ভাৱে পাকিস্তান লৈ গৈছিল ।

আগন্তুক নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কিন্তু কিমান বেছি ভোটত জয়লাভ কৰে সেয়া আমাৰ লক্ষ্য, এইদৰে মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাই

আজিৰ নিৰ্বাচনী সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংগ দিয়ে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা ,ৰাতুল শৰ্মা,পূৰৱী ৰয়ে ।