মুছলমান সমাজক মূৰ্খ বুলি চৰম অপমানেৰে তুচ্ছ- তাচিল্য স্বয়ম্ভু নেতা ইয়ুনুছ তামুলীৰ।

মুছলমান সমাজক মূৰ্খ বুলি চৰম অপমানেৰে তুচ্ছ- তাচিল্য স্বয়ম্ভু নেতা ইয়ুনুছ তামুলীৰ। বিতৰ্কিত মন্তব্যৰ বাবে শিৱসাগৰৰ জেঙনিকটীয়াৰ সচেতন মহিলাৰ এজাহাৰ। বিতৰ্কিত স্বয়ম্ভু নেতা ইয়ুনুছ তামূলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ লগতে এজাহাৰ দাখিল।

মুছলমান সমাজক মূৰ্খ বুলি চৰম অপমানেৰে তুচ্ছ- তাচিল্য -বিতৰ্কিত মন্তব্যৰ বাবে সচেতন মহিলাৰ এজাহাৰ, বিতৰ্কিত স্বয়ম্ভু নেতা ইয়ুনুছ তামূলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি এজাহাৰ দাখিল

“পৃথিৱীৰ আটাইতকৈ মূৰ্খ মানুহ যদি থাকে, সেয়া মুছলমানবিলাক” — এইদৰে বিতৰ্কিত মন্তব্য কৰি পুনৰ বিতৰ্কৰ কেন্দ্ৰলৈ আহিছে স্বয়ম্ভু নেতা বুলি কোৱা ইয়ুনুছ তামূলী। মছজিদৰ আজান মাইকত নিদিলে নহয় নেকি, এই ধৰণৰ মন্তব্যৰে মুছলমান ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় বিশ্বাস, আধ্যাত্মিকতা আৰু উপাসনাক তুচ্ছ কৰি বৰ অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে একাংশৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে।

শিৱসাগৰৰ জেঙনিকটীয়াৰ এগৰাকী সচেতন মহিলাই ইয়াক অপমানজনক বুলি আখ্যা দি সদৰ থানাত এজাহাৰ দাখিল কৰিছে ইয়ুনুছ তামূলীৰ বিৰুদ্ধে। অভিযোগকাৰীৰ নাম টিনা হুছেইন বড়া, যি এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ মহিলা। তেওঁ অভিযোগ উত্থাপন কৰিছে যে ইয়ুনুছ তামূলীয়ে মুছলমান সমাজক মূৰ্খ বুলি গালি দি আৰু সমাজত সাম্প্ৰদায়িক উত্তেজনা লগাব পৰা মন্তব্য কৰি সমাজত বিভাজন কৰাৰ চেষ্টা কৰিছে তাৰ বিৰোধিতা কৰাত মহিলাগৰাকীকো অশালীন, অপমান-তুচ্ছ তাচিল্য মন্তব্য কৰে।

উল্লেখযোগ্য যে, এই ইয়ুনুছ তামূলীয়ে আগতে বহু বিতৰ্কত জড়িত আছিল। ৰাজহুৱা স্থানত লোকক অপমান কৰি মাৰপিট কৰা, বেআইনীভাৱে ধন সংগ্ৰহ, ছোৱালীক গালি-গালাজ আৰু মাৰধৰ, লগতে সমাজত ভয়ভীতি সৃষ্টি কৰাৰ দৰে অভিযোগ আছে তেওঁৰ বিৰুদ্ধে।

অধিকাংশ, সামাজিক মাধ্যমতো তামূলীয়ে আপত্তিজনক ভিডিঅ’ আপলোড কৰি বহু জাতীয়তাবাদী সংগঠনক চূড়ান্ত অপমান কৰা, সাম্প্ৰদায়িক উচটনিমূলক মন্তব্য কৰা, আৰু নিজকে সকলো সময়তে সমাজৰ অভিভাৱক তথা নেতাৰ ৰূপত প্ৰতিস্থাপন কৰাৰ চেষ্টা কৰি আহিছে। এইসকল কাৰ্যই পুনৰ এগৰাকী শিৱসাগৰৰ জেঙনিকটীয়াৰ একে গাঁৱৰে এগৰাকী সচেতন মহিলাই আইনৰ কাষ চাপিবলৈ বাধ্য কৰাইছে।

ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে সদায় সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰা বুলি কৈ আহিছে। এতিয়া প্ৰশ্ন উঠিছে — তথাকথিত “স্বয়ম্ভু নেতা” ইয়ুনুছ তামূলীৰ বিৰুদ্ধে স্মাৰ্ট আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা ল’বনে? নে বন্ধুত্ব-ঘনিষ্ঠতাৰ খাতিৰত ভেকোঁভাওনাৰে কথা সামৰি থকাটো ৰীতি হ’ব?

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top