আজি পুৱাই মৰিচাছলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী….

গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে আজি পুৱাই মৰিচাছলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলমৰ আমন্ত্ৰণ ৰক্ষা কৰি বুধবাৰে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

২০১৫ চনৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথমটো মৰিচাছ ভ্ৰমণ। তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্বৰ ভেটি আৰু অধিক শক্তিশালী কৰিব বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে।

মোৰ মৰিচাছ ভ্ৰমণে ভাৰত-মৰিচাছৰ বন্ধুত্বৰ ভেটি অধিক শক্তিশালী কৰিব : নৰেন্দ্ৰ মোডী

ভাৰতীয় নৌসেনাৰ এখন জাহাজৰ সৈতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলেও এই উদযাপনত অংশগ্ৰহণ কৰিব। তেওঁৰ ভ্ৰমণ সন্দৰ্ভত সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোডীয়ে এক্সত লিখিছে যে, “মই দুদিনীয়া মৰিচাছ ভ্ৰমণলৈ যাম, য’ত মই তেওঁলোকৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিম। বন্ধু তথা প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামক লগ পাবলৈ মই আগ্ৰহী। তাত থকা ভাৰতীয় সমাজৰ সৈতেও মত বিনিময় কৰিবলৈ আগ্ৰহী।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top