ডিমৌ উন্নয়ন খণ্ডত লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কৰ্তনৰ বিৰুদ্ধে অৰ্ধশতাধিক মহিলাৰ প্ৰতিবাদ

অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা আঁচনিৰ অধীনত চলি থকা লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কৰ্তন হোৱাত ডিমৌ অঞ্চলৰ বিভিন্ন গাঁওবাসী মহিলাই আজি ডিমৌ উন্নয়ন খণ্ড কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ জনাই। নিতাইপুখুৰী, পানিদিহিং, ৰজাবাৰী, শুকানপুখুৰী আদিৰ পৰা অহা এই অৰ্ধশতাধিক মহিলাই খণ্ড উন্নয়ন বিষয়া বৰ্ণালী গগৈৰ অনুপস্থিতিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া মনোজ বৰুৱাৰ সন্মুখত নিজৰ ক্ষোভ আৰু অৱহেলাৰ বিৰোধিতা কৰে।

প্ৰতিবাদী মহিলাসকলৰ অভিযোগ অনুসৰি, তেওঁলোকে আঁচনিৰ বাবে বিধিসম্মতভাৱে সময়মতে আবেদন দাখিল কৰিছিল। তথাপিও, বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ নিৰীক্ষা বা পৰীক্ষণ নকৰাকৈ বেআইনীভাৱে আৰু অক্ৰোশমূলকভাৱে নাম কৰ্তন কৰি দিয়া হৈছে। এই আঁচনিৰ অধীনত সুফল লাভ কৰি পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নয়ন কৰাৰ সপোন দেখা মহিলাসকল আজি আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বাবে হতাশ আৰু ক্ষুব্ধ।

এই প্ৰতিবাদৰ সময়ত মহিলাসকলে মনোজ বৰুৱালৈ লিখিত আবেদন পত্ৰ দাখিল কৰে আৰু তেওঁলোকৰ নাম পুনৰ আঁচনিৰ অন্তৰ্গত কৰিবলৈ দাবী জনায়। অৱগত কৰা মতে, এই আবেদন পত্ৰ সমূহ একোখনকৈ গ্ৰহণ কৰা হয়।

অন্যহাতে, যদি আঁচনিৰ পৰা বঞ্চিত মহিলাসকলৰ সন্দৰ্ভত বিভাগীয়ভাৱে কোনো সদুত্তৰ বা পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে প্ৰতিবাদী মহিলাসকলে গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে। ভুক্তভোগীসকলৰ দাবী, গোট-সমূহত বসবাস কৰা সুবিধা নোপোৱা, অথচ প্ৰকৃত মহিলাসকলক আঁচনিৰ পৰা বঞ্চিত কৰি আন একাংশ অনুপযুক্ত লোকক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ফলত এই বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।।

এই ঘটনাই ডিমৌ উন্নয়ন খণ্ডত লাখপতি বাইদেউ আঁচনিৰ বাস্তবায়ন প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্নচিহ্ন উঠাইছে। স্থানীয় মহলত আঁচনি ব্যৱস্থাপনাত স্বচ্ছতা, প্ৰকৃত বাচনিৰ নিৰীক্ষণ আৰু তথ্যভিত্তিক প্ৰক্ৰিয়াৰ সন্দৰ্ভতো গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top