ৰঙিয়া সমষ্টিৰ পাৰ্থীসকল ব্যস্ত মৰাথন প্ৰচাৰত
শাসকীয়-বিৰোধী সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত

পঞ্চায়ত নিৰ্বাচন সমাগত । অহা ৭ মে তাৰিখে অনুস্থিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ । মৰাথন প্ৰচাৰ অনুষ্ঠানত ব্যস্ত হৈ পৰিছে ৰঙিয়া সমষ্টিৰ শাসকীয়-বিৰোধী প্ৰাৰ্থীসকল ।

ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহত ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰি চলাইছে প্ৰচাৰ অভিযান। ৰাইজৰ মাজলৈ গৈ সমস্যা সমূহৰ বুজ লৈছে প্ৰাৰ্থীসকলে

ইফালে বিজেপি চৰকাৰৰ সময়ত গাঁৱে ভূয়ে বাট পথৰ যি উন্নয়ন লগতে বিভিন্ন আচঁনিৰ কথা কৈ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে বিজেপি-অগপৰ মিত্ৰজোটৰ
প্ৰাৰ্থীসকল ।

আনফালে বিৰোধী প্ৰাৰ্থীসকলে বিজেপি চৰকাৰ আৰু নচলিব, কাৰণ ৰাইজে বুজি পাইছে পাইছে বুলিও কয় ।