শিক্ষকৰ গাফিলতিত ছাত্ৰ দুৰ্ঘটনাত আহত — দায়িত্বহীনতা আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ পৰিচালনাৰ ব্যর্থতাৰ জঘন্য নমুনা
কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ দুৰ্ঘটনা, ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া

শিক্ষাৰ মন্দিৰ বুলি কোৱা বিদ্যালয় এতিয়া দায়িত্বহীন শিক্ষকৰ কাৰ্যকলাপত শিশুৰ বাবে দুৰ্ঘটনাৰ মঞ্চ হৈ পৰিছে। ডিমৌ শিক্ষা খণ্ডৰ অন্তৰ্গত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত আজি সংঘটিত ঘটনাই এই সত্যক পুনৰ প্রতিষ্ঠা কৰিছে।
বিদ্যালয় চলি থাকোতে, পুৱা প্ৰায় ১০:৪৮ বজাত, ‘ক’ শ্ৰেণীৰ এজন কণমানা ছাত্ৰ বিদ্যালয় এৰি দোকানলৈ গৈ উভতি অহাৰ সময়তে স্কুটিৰ খুন্দাত গুৰুতৰভাৱে আহত হয়। এই সময়ত বিদ্যালয়খনত পাঁচজনীয়া শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থকাৰ পিছতো ছাত্ৰজন কেনেকৈ ওলাই যাব পাৰিলে? এই প্ৰশ্নত বিদ্যালয় চৰ্চিত হৈছে, আৰু ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।
স্থানীয় ৰাইজে তীব্ৰভাৱে অভিযোগ কৰে যে, বিদ্যালয়খনৰ শিক্ষকসকলে পাঠদান বা ছাত্ৰ-ছাত্ৰীলৈ মনোযোগ দিয়াৰ সলনি নিজৰ মোবাইলত ব্যস্ত থাকে। বহুদিন ধৰি এনে অভিযোগ উঠি আহিছে যদিও বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আৰু আজি তাৰ ফল—এজন অবোধ কণমানাৰ শৰীৰত স্কুটিৰ খুন্দা।
ৰাইজৰ ৰোষত পৰা শিক্ষকসকলে দায়ৱদ্ধতাৰ পৰা হাত সৰাৰ উদ্দেশ্যেৰে কয় যে — “চৰকাৰে মোবাইলত কাম দিছে”। কিন্তু প্ৰশ্ন উত্থাপন কৰিছে যে — সেই কামৰ নামত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ আৰু জীৱনকলৈ হেতালি খেলাৰ অধিকাৰ শিক্ষকক কোন দিলে ? যাৰ বাবে আজি এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে!
বিদ্যালয় চলি থাকোতে ছাত্ৰ ওলাই যোৱা, আৰু শিক্ষকসকল চিকিৎসালয়ত ভৰ্তিৰ খবৰ গম পোৱাটো সম্পূৰ্ণ দায়িত্বহীনতাৰ শীৰ্ষ প্ৰদৰ্শন। এনে শিক্ষক-শিক্ষত্ৰী বিদ্যালয়ত উপস্থিত থাকি শিক্ষাৰ নামত যি ধৰণৰ কাৰ্য চলাই আছে, সেইটো এক ভয়ংকৰ সংকেত।
স্থানীয় ৰাইজে ঘটনাৰ পিছত শিক্ষকসকলৰ বিৰুদ্ধে তীব্ৰভাৱে সমালোচনা কৰি বিভাগীয় তদন্ত আৰু কঠোৰ শাস্তিৰ দাবী জনাইছে।ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকলৈ হেতালি খেলা প্ৰক্ৰিয়াকলৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।
শিক্ষা খণ্ডত এনে দায়িত্বহীনতা, শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ নামত হেতালি খেলা আৰু সাম্প্ৰত্তিক সময়ত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰি অহা বিভাগীয় কঠোৰ নীতি নিৰ্দেশনাকো চূড়ান্ত উলংঘা কৰা একাংশ এনে শিক্ষকসকলৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰিব নে? নে নকৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।