শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ

শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ লগতে অঞ্চলবাসী
জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্র তাৰিফুলৰ কৰ্ম কাণ্ডত লটিঘটি অঞ্চলবাসীৰ
বিদ্যালয়লৈ যাম বুলি নিতৌ আহে ঘৰৰ পৰা। কিন্তু ঘৰৰ পৰাই ওলাই বপুৰাই সলনি কৰে মুড। বেগটো ক’ৰবাত লুকাই থৈ ঘুৰি থাকে পাঠদানৰ সময়খিনি

পাঠদান শেষ কৰি অন্য শিক্ষাৰ্থী সকল ওভতাৰ সময়ত লুকাই থোবা বেগটো লৈ উপস্থিত হয় ঘৰত

ৰঙিয়াৰ নিকটৱৰ্তী পীতাম্বৰ হাট বজালীত সৃষ্টি হৈছে আজব দেশৰ গজব কাহিনী।
ঘটনা অনুসৰি দুপৰীয়া ভাগত জয়ন্তীপুৰ চ’কত থকা বৰলীয়া নৈৰ দলঙৰ তলত এটি স্কুলৰ বেগ আৰু এজোৰ পোছাক প্ৰত্যক্ষ কৰে পথাচাৰিয়ে ।
ঘটনাতো সমগ্ৰ অঞ্চলতে বিয়পি পৰে বতাহ দৰে ।

পিছত ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক খবৰ দিয়াত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজীৎ নাথ উপস্থিত হৈ বিষয়টো তদন্ত কৰাত ওলাই পৰে ওৰহি গছৰ ওৰ ।

উল্লেখ যে, জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ নৱম শ্ৰেণীৰ তফিকুল আলী নামৰ এইজনা ছাত্ৰই উপস্থিত নাথাকে বিদ্যালয়ত ।
অভিভাবক বিদ্যালয় কতৃপক্ষক আন্ধাৰত ৰাখি চলাই গৈছে নিজৰ মইমতালি ।

পিছত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজীৎ নাথে সমগ্ৰ অঞ্চলবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰা তফিকুলক ভবিষ্যতে এনেকুৱা নকৰিবলৈ বুজাই পৰাই নিজ মাতৃক চমজাই দিছে ।
