শিৱসাগৰত অনাঅসমীয়া ভূ-মাফিয়াৰ দৌৰাত্ম্য

শিৱসাগৰত অনাঅসমীয়া ভূ-মাফিয়াৰ দৌৰাত্ম্য অব্যাহত, অৱসৰপ্ৰাপ্ত বৃদ্ধক মৃত্যুৰ ভাবুকি প্ৰদানৰ লগতে ভূমি দখলৰ চেষ্টা

শিৱসাগৰৰ জেঙনিকটীয়া অঞ্চলত অৱসৰপ্ৰাপ্ত ব্যক্তি চামচুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালক গোপাল যোচী উপাধীৰ এজন অনাঅসমীয়া ভূ-মাফিয়াই ম্যাদি পত্তাৰ মাটি বলপূৰ্বক দখল কৰিবলৈ চেষ্টা কৰাৰ লগতে মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে‌‌ ভুক্তভোগীয়ে।

ভুক্তভোগীৰ মতে, যোচী কৰ্মসূত্ৰে বহি ৰাজ্যত থাকি ভাতৃ যোচী বাহিনীৰ মাধ্যমেৰে ভূ-দখলৰ চেষ্টা চলাইছে। অভিযোগ অনুসৰি, যোচীয়ে পৰিয়ালটোক গালি-গালাজ কৰাৰ লগতে আৰক্ষীৰ নাম লৈ ভয়-ভাবুকি দেখুৱাই আহিছে। ইতিমধ্যে ভুক্তভোগীয়ে ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে, কিন্তু এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

ভুক্তভোগীৰ উত্থাপিত অভিযোগ অনুসৰি, যোচীৰ উচ্চপদস্থ আৰক্ষী তথা চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে গভীৰ যোগাযোগ আছে। তেওঁ দাবী কৰে, “শিৱসাগৰ প্ৰশাসন মোৰ হাতত, চৰকাৰ মোৰ পকেটত”। যাকলৈ ভুক্তভোগী পৰিয়ালটোৱে ভয়ত দিন-ৰাতি জীৱন কটাইছে।

এই ঘটনাই স্থানীয় ৰাইজৰ ক্ষোভ সৃষ্টি কৰিছে। যি সময়ত অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিন ৰাতি একাকাৰ কৰি অসমৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আছে ঠিক সেই সময়তেই শিৱসাগৰ জিলাত এনে অনাঅসমীয়া ব্য‌ৱসায়ী তথা ভূ- মাফিয়াৰ ভাবুকিৰ অভিযোগ উত্থাপনে এতিয়া শিৱসাগৰবাসী ৰাইজৰ চকু কপালত উঠিছে।

এই সন্দৰ্ভত দল সংগঠনে মন্তব্য প্ৰদান কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাইছে। পৰবৰ্তী সময়ত আৰক্ষী প্ৰশাসন তথা দক্ষ মুখ্যমন্ত্ৰীয়ে এনে ভূ- মাফিয়াৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top