শিৱসাগৰত অন্ত পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মাৰাথান প্ৰচাৰ অভিযান, কালিৰে পৰা বেলট যুদ্ধ

ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত শিৱসাগৰ জিলা সহ ৰাজ্যৰ বিভিন্ন জিলাত মাৰাথান প্ৰচাৰ অভিযানৰ অন্ত পৰিল। প্ৰতিজন প্ৰাৰ্থীৰ ভাগ্য এতিয়া বন্দী হ’ব বেলট বাকচত।
শিৱসাগৰ জিলাৰ তিনিটা বিধানসভা সমষ্টি — শিৱসাগৰ, নাজিৰা আৰু ডিমৌৰ ৮৪৬ টা ভোটকেন্দ্ৰত ২ মে’ পুৱাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ১২ খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৮২ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮২০ খন ৱাৰ্ডত হ’ব এই বেলট যুদ্ধ।

এই নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে নিযুক্ত হৈছে ৩৭৮০ গৰাকীকৈ পুলিং আৰু প্ৰিজাইডিং বিষয়া। বিশেষ দৃষ্টান্ত স্বৰূপে ১৫০ টা ভোটকেন্দ্ৰ পৰিচালিত হ’ব কেৱল মহিলাৰ দ্বাৰা। ইতিমধ্যে জিলা সদৰ শিৱসাগৰত থকা শিৱসাগৰ উচ্চতৰ মাধ্যমিক চৰকাৰী বহুমুখী বিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা ষ্ট্ৰং ৰূমৰ পৰা বেলট বাকচ আৰু প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি নিজৰ-নিজৰ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰীসকল। ষ্ট্ৰং- ৰূমটিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
শিৱসাগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা ৫,০১,০৩২ জন। তাৰে ২,৪৮,২১০ জন পুৰুষ আৰু ২,৫২,৮১৯ গৰাকী মহিলা। লগতে, তৃতীয় লিংগত অন্তৰ্গত ৩ গৰাকী ভোটাৰও আছে।

শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাবজাৰ, জকাইচুক, ৰংপুৰ আৰু দিচাংমুখ আদি জিলা পৰিষদত কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ উপৰিও, মিত্ৰজোঁটৰ অন্তৰ্গত বিজেপি আৰু অগপৰ মাজতো বন্ধুত্বসুলভ প্ৰতিদ্বন্দিতা দেখা গৈছে।
জিলা প্ৰশাসন তথা নিৰ্বাচনী আয়োগৰ পক্ষৰ পৰা নিৰ্বাচনী প্ৰক্ৰিয়া সুশৃংখলভাৱে সমাপন কৰাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে। আজি দিনটো পলাশফুলৰ দৰে ৰঙীন, কিন্তু কালিৰ দিনটো হ’ব গণতন্ত্ৰৰ বেলেট যুদ্ধৰ নিভাঁজ পৰীক্ষা।