শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱাশিষ দত্ত বৰুৱাক দলবদ্ধ আক্ৰমণ, নিশা উত্তপ্ত পৰিস্থিতি

শিৱসাগৰৰ জয়সাগৰত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়, য’ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগৰ সমিতিৰ সভাপতি দেৱাশিষ দত্ত বৰুৱাক প্ৰায় ২০ জনীয়া যুৱকৰ এটা দলে আক্ৰমণ কৰে। ফাকুৱাৰ নিশা সংঘটিত এই ঘটনাই জয়সাগৰ অঞ্চল উত্তপ্ত কৰি তোলে, ফলস্বৰূপে নিশাই আৰক্ষী চকীত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য অনুসৰি, গাড়ীৰ লগত সামান্য ঘহা খোৱাৰ ঘটনাৰ পৰা আৰম্ভ হয় তৰ্কাতৰ্কি, যি পিছত তীব্ৰ সংঘাতত পৰিণত হয়। দেৱাশিষ দত্ত বৰুৱা আৰু তেওঁৰ সৈতে থকা এগৰাকী মহিলা যাত্ৰীক আক্ৰমণকাৰী দলে নির্মমভাৱে প্ৰহাৰ কৰে, যাৰ ফলত দুয়ো গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ সম্পৰ্কত আকাশজ্যোতি আৰু দ্বীপজ্যোতি আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে। জানিব পৰা মতে, দ্বীপজ্যোতি এটি প্ৰভাৱশালী সংগঠনৰ লগত জড়িত লগতে বহু সংগঠনৰ নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে। ফলস্বৰূপে এই ধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ স্বাভাৱিক। আটকাধীন দুয়ো জন ককাই-ভাই বুলি জানিব পৰা গৈছে।

এই ঘটনা সম্পৰ্কত ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে দাবী জনাইছে, যাতে আগন্তুক দিনত এনে ঘটনা পুনৰ সংঘটিত নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top