শিৱসাগৰত উত্তৰ পূৱ উদ্যোগী নাৰী সংস্থাৰ উদ্যোগত “বহাগী মেলা” অনুষ্ঠিত
অসমীয়াৰ কৃষ্টি-সংস্কৃতি আৰু মহিলাৰ স্বাৱলম্বী উদ্যোগক আগবঢ়াই নিয়াৰ পদক্ষেপ

বহাগৰ প্ৰাকমুহূৰ্তত শিৱসাগৰৰ ৰাইজৰ হৃদয়ত আনন্দৰ ৰঙেৰে ৰঙীন হৈ উঠিছে “বহাগী মেলা”। উত্তৰ পূৱ উদ্যোগী নাৰী সংস্থাৰ উদ্যোগত নগৰৰ মাজমজিয়াৰ ৰেডক্ৰছ স্থিত কাৰ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈছে এই বহাগী মেলা। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে সংস্থাৰ বিষয়ববীয়া কৰ্মী, সমাজসেৱী, সাংস্কৃতিক ব্যক্তিত্ব তথা বিশিষ্ট আমন্ত্ৰিত অতিথিবৰ্গ।

১৯৯৪ চনত প্ৰতিষ্ঠিত উত্তৰ পূৱ উদ্যোগী নাৰী সংস্থাই নিজক সমাজৰ বিভিন্ন পৰ্যায়ৰ তথা মহিলাসকলক স্বাৱলম্বী আৰু উদ্যোগী কৰিবলৈ যি অনবদ্য ভূমিকা পালন কৰিছে, এই “বহাগী মেলা” তাৰেই এটা সুদৃঢ় প্ৰতিফলন। সংস্থাটোৱে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসংখ্য সৃজনশীল আৰু সামাজিক কাৰ্যসূচী আগবঢ়াইছে।

এই মেলাৰ মূল আকৰ্ষণ —অসমীয়া পৰম্পৰাগত পিঠা-পনা, হস্ত-শিল্প, গামোচা, মেটেকাৰ পৰা উৎপাদিত সামগ্ৰী, মাটিশালত বোৱা গামোচা, হস্ত উৎপাদিত মেখেলা চাদৰ, হস্ত নিৰ্মিত ঘৰুৱা বিভিন্ন সামগ্ৰীসমূহ। সকলো সামগ্ৰী মহিলা উদ্যোগীৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। অসমৰ বাপতি বিহুৰ আগমুহূৰ্তত এনে এখন মেলাই জনসাধাৰণক অসমীয়াৰ মূল সংস্কৃতিৰ সৈতে পুনৰ একাত্ম হোৱাৰ সুযোগ দিয়ে।

সংস্থাটোৰ মুখ্য উদ্দেশ্য—স্থানীয় মহিলা, বিশেষকৈ গাঁও অঞ্চলৰ মহিলাসকলক নিজৰ সৃষ্টি, পৰম্পৰা, আৰু পৰিশ্ৰমৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে অসমীয়া সংস্কৃতিক আগবঢ়োৱা।
সংস্থাৰ এই ধৰণৰ আগ্ৰহজনক পদক্ষেপে অসমৰ শিল্প, সংস্কৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস বৃদ্ধিত এক উদাহৰণ স্থাপন কৰিছে বুলি উপস্থিত আমন্ত্ৰিত অতিথি , বিশিষ্ট ব্যক্তি আৰু সমাজকৰ্মীসকলে মত ব্যক্ত কৰে।