শিৱসাগৰত নিৰ্বাচনী তৎপৰতা, নগৰ মহল গাঁও পঞ্চায়তত বিজেপিৰ ৰণডংকা…

নগৰ মহলত পঞ্চায়ত নিৰ্বাচনৰ ভাটদাতা ৰাইজৰ চোতালে চোতালে ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধী পক্ষৰ মাজত ব্যাপক প্ৰচাৰ তৎপৰতা পৰিলক্ষিত হোৱাৰ লগতে শিৱসাগৰ জিলাৰ নগৰ মহল গাঁও পঞ্চায়তো নিৰ্বাচনী হুংকাৰ দৃশ্যমান হৈ পৰিছে।

বিভিন্ন আঁচনি, বিশেষকৈ আৱাস গৃহৰ প্ৰদান, পঞ্চায়ত পূঁজি সঠিক আবণ্টন আদিৰ ক্ষেত্ৰত পূৰ্বৰ কাৰ্যকালত কংগ্ৰেছ নেতৃত্বাধীন পঞ্চায়তৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়ম আৰু লুণ্ঠনৰ গম্ভীৰ অভিযোগ উত্থাপিত হোৱা পৰিপ্ৰেক্ষিতত, এইবাৰ ৰাইজৰ মাজত নতুন আশা-আকাংক্ষা দেখা দিছে।

এই পৰিৱেশৰ মাজতে বৰ্তমান শাসকীয় মিত্ৰজোঁট, বিশেষকৈ বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰত এক উদ্দীপনামূলক দৃষ্টান্ত গঢ়ি উঠিছে। নগৰ মহল গাঁও পঞ্চায়তৰ পৰা বিজেপি প্ৰাৰ্থী দিব্যজ্যোতি কলিতা আৰু হাইদৰ হুছেইনে ভোটদাতাসকলৰ মাজত দলীয় কৰ্মকৰ্তাসকলক লগত লৈ ভোট প্ৰচাৰ জোৰদাৰ কৰিছে।

প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে সংবাদ মাধ্যমৰ আগত কয় যে— “এইবাৰ পঞ্চায়ত জৰ্জৰিত সমস্যাসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ যন্ত্ৰণা, বঞ্চনা আৰু সমস্যাবোৰৰ স্থায়ী সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। পঞ্চায়তৰ সঠিক পৰিচালনা, ভোটদাতা ৰাইজৰ অধিকাৰ সুৰক্ষা আৰু বিকাশমূলক আঁচনিৰ সুচাৰু ৰূপে বণ্টন লাভৰ জৰিয়তে পঞ্চায়তৰ অধীনষ্ঠ উন্নয়নমূলক, কল্যাণকামী কাম কাজৰ মাধ্যমেৰে এক নতুনত্ব গঢ়ি তুলিব বুলি দৃঢ় বিশ্বাসী প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ।”

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী প্ৰাৰ্থীৰ তৎপৰতাই নিৰ্বাচনী উত্তাপ বৃদ্ধি কৰিছে। অন্যফালে ৰাইজৰ মাজতো আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ বিষয়ে তুলনামূলক মূল্যাংকন চলি আছে।

পূৰ্বৰ অভিজ্ঞতা আৰু বৰ্তমানৰ আশা—এই দুই চিন্তাৰ সন্মিলনত তথা ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ নগৰ মহল গাঁও পঞ্চায়তত ভোটদান এখন গুৰুত্বপূর্ণ পৰীক্ষাৰ ৰূপ ল’ব বুলি পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top