শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত, বিজেপিৰ গাঁৱে গাঁৱে অভিযান

অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতাই গতি লাভ কৰিছে। শিৱসাগৰ জিলাটোতো এই প্ৰচাৰৰ উত্তাপ তীব্ৰ ৰূপ লৈছে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১২ খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৮২ খন গাঁও পঞ্চায়তৰ বাবে দলসমূহে প্ৰাৰ্থী নিৰ্বাচন কৰি জোৰদাৰভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।

বিশেষকৈ শিৱসাগৰ আৰু ডিমৌ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে গাঁৱে গাঁৱে প্ৰচাৰ চলাই ৰাইজৰ কাষ চপিছে। উন্নয়নৰ খতিয়ান, চৰকাৰী আঁচনিৰ সফলতা আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত বিগত সময়ছোৱাৰ কামৰ প্ৰতিবেদন লৈ বিজেপি প্ৰাৰ্থীসকলে ৰাইজৰ বিশ্বাস আৰু সমস্যাৰ বুজ ল’বলৈ চেষ্টা কৰে।

ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত খেলুৱা জিলা পৰিষদ আৰু ৪৯ নং নগৰ মহল গাঁও পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত ব্যাপক ভূমিকা গ্ৰহণ কৰিছে বিধায়ক সুশান্ত বুঢ়াগোহাঁই। তেওঁ নিজে গাঁওবাসীৰ মাজলৈ গৈ দলৰ প্ৰাৰ্থীৰ বাবে ভোট বিচাৰিছে। লগতে অঞ্চলটোৰ উন্নয়ন সম্পৰ্কে ৰাইজক অৱগত কৰাইছে।
নতুনকৈ নামাংকিত নগৰ মহল পঞ্চায়তৰ নিৰ্বাচনী সভাতো বিধায়ক সুশান্ত বৰগোঁহাঁইয়ে উপস্থিত থাকি দলৰ পক্ষৰ পৰা বক্তব্য আগবঢ়ায়। দলীয় কৰ্মীসকল আৰু সমৰ্থকৰ সৈতে পঞ্চায়তে পঞ্চায়তে সভা আয়োজন কৰি বিজেপিয়ে অঞ্চলসমূহৰ ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ সংগঠিত প্ৰচাৰ অভিযান চলাইছে।
ইপিনে, কংগ্ৰেছ, এ.জে.পি, আঞ্চলিক দলে দৰে অন্যান্য দলসমূহেও নিজৰ প্ৰাৰ্থীলৈ ভোট বিচাৰি অঞ্চলসমূহৰ গাঁও-ভূঞে ঘুৰি প্ৰচাৰ চলাইছে। পঞ্চায়ত নিৰ্বাচনক লৈ শিৱসাগৰত ৰাজনৈতিক প্ৰেক্ষাপটত দিনক দিনে তীব্ৰ হৈ পৰিছে।