শিৱসাগৰত মহিলা হত্যাৰ অভিযোগ! ৰংঘৰ চাৰিআলি-ঢুলীয়াপাৰত উত্তেজনাময় পৰিৱেশ

শিৱসাগৰৰ ৰংঘৰ চাৰিআলি আৰু ঢুলীয়াপাৰ অঞ্চলত এই মুহূর্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। মৌচুমী চুলতানা নামৰ এগৰাকী নৱবিবাহিতা মহিলাৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিবাদ আৰু সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে, লগতে পৰিয়ালৰ সদস্যসকলে। মৌচুমীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, তেওঁক তেওঁৰ স্বামী চাহিল হাজৰিকা আৰু চাহিলৰ মাতৃ এলিজা বেগমে মিলি হত্যা কৰি, ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অপচেষ্টা কৰিছে।

পৰিয়ালৰ দাবী, যোৱা ২ এপ্ৰিলত চাহিল আৰু তেওঁৰ মাতৃয়ে একেলগ হৈ মৌচুমীক নিৰ্মমভাৱে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। সেই মাৰপিটৰ ফলত গুৰুতৰভাৱে আহত মৌচুমীক ৰাস্তাত পেলাই দিয়ে আৰু তাৰ পিছতেই ঘটনাটোক এক পথ দুৰ্ঘটনা হিচাপে প্ৰচাৰ কৰাৰ চেষ্টা কৰে। আহত অৱস্থাত মৌচুমীক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল, য’ত চিকিৎসাধীন অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আজি অৱশেষত মৃত্যুক আকোঁৱালি লবলগীয়া হয়।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে মৃতদেহ শিৱসাগৰ আহি পোৱাৰ পাছতে অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাটিকলৈ ৰংঘৰ চাৰিআলি আৰু ঢুলীয়াপাৰত উত্তেজনাপূর্ণ পৰিৱেশ লক্ষ কৰা গৈছে। মৌচুমীৰ বায়েকসহ পৰিয়ালবৰ্গই অভিযোগ কৰিছে যে, ২০২৩ চনত হাতীকোষৰ চাহিল হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মৌচুমীক বিয়া হোৱাৰ পৰাই নানাভাৱে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছিল। এই বিষয়ে মাতৃসহ নিজৰ পৰিয়াল বৰ্গক অৱগত কৰি আহিছিল।
স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই।
ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে, যদিও পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজৰ দাবী, দোষীসকলক সঠিক তদন্তৰ তথা আইনী ব্যৱস্থাৰ গ্ৰহণৰ জৰিয়তে কঠোৰ শাস্তিৰ প্ৰদান কৰিব লাগে।