উগ্ৰপন্থী তথা সন্ত্ৰাসবাদী-ৰ হেঁচাত নিযুক্তি পোৱা ১৭০০ নাবালক শিক্ষকঃ গৃহ বিভাগৰ নীৰৱতা সন্দেহজনক, NIA/CBI তদন্তৰ দাবীত দিগন্ত শইকীয়াৰ আবেদন

— নব্বৈ দশকৰ অবিভক্ত শিৱসাগৰ আৰু বৰ্তমানৰ চৰাইদেউ জিলাত সংঘটিত এক ভয়ংকৰ শিক্ষক নিযুক্তি কেলেংকাৰিয়ে ৰাজ্যৰ শিক্ষা খণ্ডৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰতো গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। ১৫-১৭ বছৰ বয়সৰ প্ৰায় ১৭০০ নাবালকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ এই ঘটনা এতিয়া সন্ত্ৰাসবাদী তথা উগ্ৰপন্থীৰ ULFA-ৰ প্ৰভাৱ তথা হেঁচাত আৰু ৰাজনৈতিক ছত্ৰছাঁয়াত সেই সময়ৰ চৰকাৰৰ সম্পৃক্ততাৰ সন্দেহত গাঢ় ৰূপ লৈছে।

এই কেলেংকাৰি উন্মোচনৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। এই বিষয়টোৰ আঁৰত আছে আমগুৰিৰ নৱ নিৰ্মাণ সমিতিৰ সভাপতি তথা RTI কৰ্মী দিগন্ত শইকীয়া, যিয়ে তথ্য অধিকাৰ আইনৰ জৰিয়তে সংগ্ৰহ কৰা নথিপত্ৰৰ ভিত্তিত গোচৰটো আদালতলৈ লৈ যায়। ফলত নাজিৰা থানাত ৮/২০ নম্বৰৰ গোচৰ ৰুজু হয় আৰু তদন্ত আৰম্ভ হয়।

আদালতত শুনানীৰ সময় পদকীয় পক্ষৰ অধিবক্তাই উল্লেখ কৰে যে, সন্ত্ৰাসবাদী তথা উগ্ৰপন্থী -ULFA-ৰ হেঁচাত তদানীন্তন চৰকাৰে শিক্ষাৰ দৰে গুৰুত্বপূর্ণ খণ্ডত নিজৰ প্ৰভাৱ বিস্তাৰৰ উদ্দেশ্যে নাবালকক নিযুক্তি দিছিল। এই অভিযোগে ঘটনা এটাক কেৱল নিযুক্তি অনিয়ম নহয়, বৰং এটা ষড়যন্ত্ৰ ৰূপে চিহ্নিত কৰাৰ পথ মুকলি কৰিছে।

উল্লেখযোগ্য যে, দিগন্ত শইকীয়াৰ অভিযোগ অনুসৰি, ৪০০০তকৈ অধিক নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ ভিতৰত প্ৰায় ১৭০০ জনৰ বয়স নিযুক্তিৰ সময়ত ১৮ বছৰৰ তলত আছিল। এই নিযুক্তি সন্ত্ৰাসবাদী তথা উগ্ৰপন্থী -ULFA-ৰ হেঁচা বা
প্ৰভাৱত, তদানীন্তন চৰকাৰ, মন্ত্ৰী, বিধায়ক, আৰু বিভাগীয় বিষয়াসকলৰ ছত্ৰছাঁয়াত সংঘটিত হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।

এই বিষয়টোক লৈ ২১ আগষ্ট, ২০২৪ তাৰিখে দিগন্ত শইকীয়াই প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ কৰা অভিযোগৰ ভিত্তিত PMO-এ PMOPG/D/2024/0173167 নম্বৰৰ অধীনত তদন্তৰ নিৰ্দেশ দিয়ে। তাৰ পাছতে ৰাজনৈতিক বিভাগৰ পৰাও শিক্ষা বিভাগলৈ নিৰ্দেশ যায়। কিন্তু, এতিয়ালৈকে শিক্ষা বিভাগে কোনো পদক্ষেপ লোৱা নাই। এই নীৰৱতা আৰু নিস্ক্ৰীয়তাই সন্দেহ বৃদ্ধি কৰিছে।

দিগন্ত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়‌ যে, “ই কেৱল নিযুক্তিৰ বিষয় নহয়, উগ্ৰপন্থী তথা সন্ত্ৰাসবাদী ULFA-ৰ নেতৃত্বত শিক্ষা প্ৰতিষ্ঠানত নিযুক্তি পোৱা আৰু প্ৰভাৱ বিস্তাৰ কৰাৰ ষড়যন্ত্ৰ। এই ঘটনাই ৰাষ্ট্ৰীয় সুৰক্ষা ক্ষেত্ৰতো ভয়ংকৰ ভাবুকি সৃষ্টিৰ সংকেত দিছে।”

তেওঁ CBI বা NIA ৰ দৰে স্বতন্ত্ৰ আৰু উচ্চস্তৰৰ তদন্ত সংস্থাৰ জৰিয়তে তদন্ত দাবী কৰিছে। লগতে তেওঁ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকো লিখিত আবেদন আগবঢ়াইছে যাতে দোষীসকলক বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে।

সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত গৃহ বিভাগ আৰু শিক্ষা বিভাগৰ মৌনতা আৰু মুখ্যমন্ত্ৰীৰ নীৰৱতাৰ ভূমিকাকলৈ জনসাধাৰণৰ মাজত গভীৰ সন্দেহৰ সৃষ্টি কৰিছে। জনসাধাৰণৰ প্ৰশ্ন— “এই নীৰৱতা কিয়? কাৰ স্বাৰ্থত ৰক্ষণাবেক্ষণ কৰিব খুজিছে চৰকাৰে?”

এতিয়া সকলোৰে চকু ৰাজ্য চৰকাৰৰ আগন্তুক পদক্ষেপ গ্ৰহণকলৈ।উগ্ৰপন্থী ,সন্ত্ৰাসবাদী-(ULFA)-ৰ হেঁচাত শিক্ষা খণ্ডৰ অপব্যৱহাৰ, নাবালক নিযুক্তিৰ ভয়ংকৰ কেলেংকাৰি, আৰু গৃহ বিভাগৰ মৌনতাই বিষয়টো সংকটজনক অৱস্থালৈ নিয়াৰ আশঙ্কা বৃদ্ধি কৰিছে। সমান্তৰালকৈ — “চৰকাৰে দোষীক সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰিব নে ? নে এই ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাপনাৰ বিৰুদ্ধে উন্মোচিত অন্যান্য কেলেংকাৰিৰ দৰে গাপ দিবলৈ চেষ্টা কৰিব ?”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top