শিৱসাগৰত ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ আসক্ত লোক

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত সন্দেহত শিৱসাগৰৰ পলাশনি গাঁৱত ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ আসক্ত ব্যক্তি

ড্ৰাগছ সমস্যা জটিল ৰূপ ধাৰণ কৰি অহা সময়ছোৱাত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে শিৱসাগৰতো ইয়াৰ কু-প্ৰভাৱ প্ৰত্যক্ষভাৱে দেখা গৈছে। ইয়াৰ সৈতে জড়িত ব্যক্তি তথা চক্রসমূহৰ বিৰুদ্ধে ৰাইজ সচেতন হৈ পৰাৰ এক দৃষ্টান্তীয় ঘটনা পলাশনি গাঁৱত সংঘটিত হোৱাৰ খবৰে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, চাৰি সন্তানৰ পিতৃ মইদুল আলি নামৰ এজন ব্যক্তি অন্য এক সহযোগীৰ লগত মিলি পলাশনি গাঁৱৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মাধৱ পালৰ পৰা নিষিদ্ধ দ্ৰব্য ক্ৰয় কৰিবলৈ অহা সময়তে স্থানীয় ৰাইজে তেওঁক হাতে লুটে ধৰে। সচেতন ৰাইজে বহুদিন ধৰি মাধৱ পালৰ সন্দেহজনক ভূমিকা লক্ষ্য কৰি থকাৰ লগতে তেওঁৰ ওপৰত পূৰ্বে বহুবাৰ ড্ৰাগছ ব্যৱসায়ৰ অভিযোগ উত্থাপন কৰা হৈছিল। তথাপিও, আশ্চৰ্যজনকভাৱে এতিয়ালৈকে আৰক্ষীৰ পৰা কোনো প্ৰকৃত আইনী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top